অসম

assam

ETV Bharat / state

উজনিত দুই বিধায়কৰ মাজত টনা-আঁজোৰা; সমষ্টি পুনৰ নিৰ্ধাৰণৰ ছাইড এফেক্ট বুলিও ভাবিব পাৰে ! - Assam Lahowal MLA

সমষ্টি পুনৰ নিৰ্ধাৰণে বাৰুকৈয়ে বিপাঙত পেলাইছে উজনিৰ দুগৰাকী বিধায়কক ৷ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা আৰু লাহোৱালৰ বিধায়ক পোনাকণ বৰুৱাৰ মাজত এতিয়া জন সমৰ্থনকেন্দ্ৰিক শীতল যুদ্ধ ৷

AGP joining program at Chabua
AGP joining program at Chabua

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:47 PM IST

উজনিত দুই বিধায়কৰ মাজত টনা-আঁজোৰা

মৰাণ, 24 নৱেম্বৰ: ডিব্ৰুগড়ৰ দুজন বিধায়কৰ কৰ্ম-কাণ্ডক লৈ ব্যাপক চৰ্চা হৈছে সচেতন মহলৰ মাজত । সমষ্টি পুনৰ নিৰ্ধাৰণেৰে লাহোৱাল সমষ্টিক বিলুপ্ত কৰি নতুন নামাকৰণেৰে ''লাহোৱাল চাবুৱা সমষ্টি" গঠন কৰাৰ পাছতেই ৰাজনৈতিক প্ৰতিদ্বন্দিতাত ব্যস্ত হৈছে দুই অগপ আৰু বিজেপিৰ বিধায়ক । নিজৰ শক্তি প্ৰদৰ্শনত ব্যস্ত লাহোৱালৰ বিজেপিৰ বিধায়ক বিনোদ হাজৰিকা আৰু চাবুৱাৰ অগপ বিধায়ক পোনাকণ বৰুৱা ।

সমষ্টিটোত মিত্ৰজোঁটৰ দুগৰাকী বিধায়ক বিজেপিৰ বিনোদ হাজৰিকা আৰু অগপৰ পোনাকণ বৰুৱাই পৃথকে পৃথকে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজৰ লগতে সাংগঠনিক সভা ৷ দলীয় কাম-কাজত ব্যস্ত হৈ পৰা দেখা গৈছে দুয়োজন বিধায়কক । বিধানসভা নিৰ্বাচনলৈ কেইবা বছৰো বাকী আছে যদিও লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিনোদ হাজৰিকাৰ বিজেপিৰ দুৰ্গত আঘাত হানি আজি কেইবাজনো বিজেপি নেতাই আনুষ্ঠানিকভাৱে অগপত যোগদান কৰিছে ।

সদ্য পদত্যাগী বিজেপি নেতাই সমষ্টিটোত অগপৰ সাধাৰণ সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ বাহু শক্তিশালী কৰি যোগদান কৰিলে অগপত । ইফালে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই পূৰ্বে চাবুৱাৰ বিধায়ক হিচাপে এটা কাৰ্যকাল চলাই যোৱাৰ লগতে চাবুৱাৰ স্থানীয় বাসিন্দা হিচাপে সমষ্টিটোত থকা গণভিত্তিৰ বাবেই অনুৰূপ ধৰণেৰে অগপ কৰ্মী সমৰ্থকক বিজেপি গমন কৰাইছে ।

বিগত বিধানসভা নিৰ্বাচনত চাবুৱা সমষ্টিৰ বিধায়ক হিচাপে থকা সময়তে প্ৰাৰ্থিত্ব কৰ্তন কৰি লাহোৱাল সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে থিয় কৰাইছিল বিনোদ হাজৰিকাক । চাবুৱা সমষ্টিটো মিত্ৰজোঁটৰ অগপৰ পোনাকণ বৰুৱাক এৰি দিছিল । এতিয়া দুই বিধায়কৰ এনে কাৰ্যই মিত্ৰজোঁটৰ মাজত থকা পাৰস্পৰিক বুজাবুজি আৰু চুক্তিক একপ্ৰকাৰ নস্যাৎ কৰি তুলিছে । লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ পাছতে দুইজন বিধায়কৰ মাজত ৰাজনৈতিক যুঁজ অধিক শক্তিশালী হোৱা পৰিলক্ষিত হৈছে ।

শুকুৰবাৰে অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত থাকি অগপৰ বিধায়ক পোনাকণ বৰুৱাই কয়, পূৰ্বৰ লাহোৱাল সমষ্টিৰ যি সমূহ পঞ্চায়ত নতুনকৈ গঠন হোৱা লাহোৱাল চাবুৱা সমষ্টিত অন্তৰ্ভুক্ত হৈছে সকলোতে অগপৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰা হ'ব । মুঠৰ ওপৰত বিজেপিৰ বিধায়ক বিনোদ হাজৰিকা আৰু অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ মাজত আৰম্ভ হোৱা এই ৰাজনৈতিক শীতল যুদ্ধ বেছ আকৰ্ষণীয় হৈ পৰিছে লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত ।

লগতে পঢ়ক:কোকৰাঝাৰত বিজেপিক উদ্ধাৰৰ আখৰা দুই মন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details