অসম

assam

By

Published : Mar 18, 2021, 7:20 AM IST

ETV Bharat / state

নাহৰকটীয়া অগপত ব্যাপক খহনীয়া

নাহৰকটীয়া অগপৰ ভেঁটি খহনীয়াগ্ৰস্ত ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত অগপৰ ভেটি কঁপাই বিজেপি গমন কৰিলে জয়পুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিয়ে ৷

নাহৰকটীয়া অগপত ব্যাপক খহনীয়া
নাহৰকটীয়া অগপত ব্যাপক খহনীয়া

নাহৰকটীয়া, 18 মাৰ্চ:হাতী এৰি ধাপলি মেলিছে পদুমৰ কাষলৈ ৷ বুধবাৰে অসম গণ পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ সদস্য তথা জয়পুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি গুণকান্ত ধাদুমীয়াই পৰিধান কৰে গেৰুৱা বসন ৷

বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাথো কেইটামান দিন । ইয়াৰ মাজতে অধিক আকৰ্ষণীয় হৈ পৰিছে ১২০ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । নিৰ্বাচনৰ এই প্ৰাক ক্ষণত হুৰা হুৰে খহিছে অগপৰ ভেটি । বুধবাৰে অসম গণ পৰিষদৰ দীঘলীয়াৰ আঞ্চলিক পঞ্চায়তৰ সদস্য তথা জয়পুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি গুণকান্ত ধাদুমীয়াই বিজেপি দলত যোগদান কৰে ।

নাহৰকটীয়া অগপত ব্যাপক খহনীয়া

বিজেপিৰ নাহৰকটীয়া সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ উপস্থিতিত অগপৰ জয়পুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি গুণকান্ত ধাদুমীয়াসহ অৰ্ধশতাধিক অগপ কৰ্মীয়ে গেৰুৱা বসন পৰিধান কৰে । ৰাষ্ট্ৰীয় জাতীয়তাবাদৰ জড়িয়তে আঞ্চলিক জাতীয়তাবাদ সুৰক্ষিত কৰিব পাৰি বুলি উল্লেখ কৰি বিধায়ক নহওঁতেই সমষ্টিৰ যথেষ্ট উন্নয়ণমূলক কাম কৰা তৰংগ গগৈৰ হাত শক্তিশালী কৰিবলৈ বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে গুণকান্ত ধাদুমীয়াই ।

নাহৰকটীয়া অগপত ব্যাপক খহনীয়া

কিছু দিন পূৰ্বে, অগপৰ বৰবাম পঞ্চায়ত সভাপতিয়ে বিজেপিত যোগদান কৰাৰ পিছত বুধবাৰে পুনৰ অগপৰ পঞ্চায়ত প্ৰতিনিধিয়ে বিজেপিৰ যোগদান কৰা কাৰ্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে নাহৰকটীয়াত । উল্লেখ্য যে, বুধবাৰৰ এই যোগদান সভাত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, জেষ্ঠ বিজেপি নেতা প্ৰদীপ বুঢ়াগোহাঁইকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে ৷

লগতে পঢ়ক:মঙলদৈত বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদযাত্ৰা

ABOUT THE AUTHOR

...view details