নাহৰকটীয়া, 24 আগষ্টঃ সোমবাৰে অসম গণ পৰিষদৰ জয়পুৰ আঞ্চলিক সমিতিখন পুনৰ গঠন কৰা হয় ৷ প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতিত মৃদুল বৰুৱাক সভাপতি আৰু ৰূপম দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ১২০নং নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জয়পুৰ আঞ্চলিক পৰিষদখন পুনৰ গঠন কৰা হয় ৷
সোমবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱাল, অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা উপ-সভাপতি শ্ৰীযুত প্ৰদীপ দুৱৰা, সাধাৰণ পৰিষদৰ সদস্য গুণাভি কোঁৱৰ, নাহৰকটীয়া সমষ্টি সমিতিৰ যুটীয়া সম্পাদকদ্বয় তপন কোঁৱৰ, ৰাজীৱ শ্ৰুতিকৰ, অসম যুৱ পৰিষদ জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰোস্তম আহমেদ, সহ সাধাৰণ সম্পাদক শৈলেন মন্ত্ৰী, অসম যুৱ পৰিষদ নাহৰকটীয়া সমষ্টিৰ কাৰ্যকাৰী সভাপতি সৌৰভ ৰাজকোঁৱৰকে ধৰি অসম গণ পৰিষদ, যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদ নাহৰকটীয়া সমষ্টি সমিতিৰ কৰ্মকৰ্তা ৷