মৰাণ, 4 ছেপ্তেম্বৰ:এখন ব্যৱসায়িক প্ৰতিষ্ঠানক লৈ শিৱসাগৰত বীৰ লাচিত সেনা আৰু বাঙালী ব্যৱসায়ীৰ মাজত এক সংঘাটৰ সৃষ্টি হৈছিল । এই ঘটনাৰ পাছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । কিছু লোকে বীৰ লাচিত সেনাক সমৰ্থন আগবঢ়ালেও আন কিছুয়ে বীৰ লাচিত সেনাক সমালোচনা কৰা পৰিলক্ষিত হৈছে ।
ইয়াৰ সমান্তৰালভাৱে বাঙালী ব্যৱসায়ীৰ ওপৰত ভয় ভাবুকি প্ৰয়োগ কৰাত বাঙালী সংগঠন সমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত এজাহাৰ দাখিল কৰিছে । তাৰ পাছতে সমগ্ৰ বিষয়টোক এক জাতিগত সংঘাটৰ দৰে ধাৰণা দিবলৈ চেষ্টা অব্যাহত ৰাখিছে একাংশই ।