অসম

assam

ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ চহৰত প্ৰশাসনৰ উচ্ছেদ অভিযান - দিনজয় চাপৰিত প্ৰশাসনৰ উচ্ছেদ

মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমি কোনেও দখল কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছিল । সেই ঘোষণাৰ পাচতে বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাৰ দিনজয় চাপৰিত প্ৰশাসনে চলালে বৃহৎ উচ্ছেদ অভিযান ।

administrations-eviction-drive-in-former-cms-home-town
প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ চহৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Aug 18, 2021, 2:25 PM IST

মৰাণ, 18 আগষ্ট: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাৰ দিনজয় চাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ঘোষণা কৰিছিল চৰকাৰী ভূমি কোনেও দখল কৰিব নোৱাৰিব । যিসমূহ ঠাই বেদখল হৈছে তাক প্ৰশাসনে উচ্ছেদ চলাব । মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ পাছতে বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাৰ দিনজয় চাপৰিত প্ৰশাসন চলালে বৃহৎ উচ্ছেদ অভিযান । 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাচৰ কাষৰ বেদখলকৃত ভূমি উচ্ছেদ কৰিবলৈ আজি নিৰাপত্তা বাহিনীসহ উপস্থিত হয় ৰাজহ চক্ৰ বিষয়া ।

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ চহৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

চাবুৱা ৰাজহ চক্ৰৰ অধীনৰ 56 নং দাগৰ চিলিঙৰ বিশাল ভূমিত একাংশ লোকে দখল কৰিছিল। আজি প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা আৰু নিৰাপত্তাৰ মাজেৰে উচ্ছেদ অভিযান চলায় । প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সাজু হৈ আছিল বহু নিৰাপত্তাৰক্ষীৰ দল।

চাবুৱা ৰাজহ চক্ৰৰ বিষয়াগৰাকীৰ মতে উক্ত অঞ্চলৰ ৰাইজক আলোচনাৰ মাধ্যমেৰে চৰকাৰী ভূমিত গৃহ নিৰ্মাণ নকৰিবলৈ জনোৱা হৈছিল । কিন্তু, প্ৰশাসনৰ কথাত গুৰুত্ব নিদি গৃহ নিৰ্মাণ কৰিছিল একাংশই ।

লগতে পঢ়ক:দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details