ডিব্ৰুগড়, 28 ছেপ্তেম্বৰ: এইবাৰ উজনি অসমত ‘‘আদিবাসী টাইগাৰ ফ’ৰ্চ’’ৰ উত্থান ৷ কৰ’ণা মহামাৰীৰ আতংকৰ মাজতে হঠাৎ শক্তিশালী হৈ পৰিছে চাহ জনগোষ্ঠীয় সহস্ত্ৰ সংগঠন আদিবাসী টাইগাৰ ফ’ৰ্চ । বাগানে বাগানে সংগঠনটোৱে অব্যাহত ৰাখিছে সাংগঠনিক কামকাজ । সোমবাৰে ডিব্ৰুগড়ৰ শিয়ালকাটি চাহ বাগিচাৰ পৰা গোপন সূত্ৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে চাবুৱা আৰক্ষীৰ সহযোগত সহস্ত্ৰ সংগঠনটোৰ দুজনকৈ কেডাৰ আটক কৰিবলৈ সক্ষম হয় ।
সুশীল উৰাং আৰু চহৰাই উৰাং নামৰ কেডাৰ দুজনৰ পৰা এটা পইণ্ট 22 পিষ্টল আৰু সজীৱ গুলী জব্দ কৰিছে আৰক্ষীয়ে । ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰতীক থো'বে এক সংবাদ মেলযোগে সদৰি কৰা অনুসৰি, অনাগত দিনত সংগঠনটোৱে বিভিন্ন কূটাঘাটমূলক কামৰ বাবে পৰিকল্পনা কৰি আছে ৷ শীঘ্ৰেই সংগঠনটোৰ আন বহু সদস্য জালত পৰিব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷