অসম

assam

ETV Bharat / state

মৰাণৰ তিলৈজান চাহ বাগিচাত আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন - চক্ৰধৰ গগৈ

তিলৈজান চাহ বাগিচাত আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ৷ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা অসমৰ চাহ বাগিচা সমূহত ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপন পৰিকল্পনা কৰিছে সোণোৱাল চৰকাৰে ৷ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰতে বিদ্যালয় খনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰা হব ৷

Adharshila of Adarsha Vidyalaya in Moran Tiloijan tea estate
মৰাণৰ তিলৈজান চাহ বাগিচাত আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন

By

Published : Nov 2, 2020, 8:38 AM IST

Updated : Nov 2, 2020, 8:50 AM IST

মৰাণ,2 নৱেম্বৰ: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা অসমৰ চাহ বাগিচা সমূহত ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে সোণোৱাল চৰকাৰে । ইয়াৰে ৩ খন বিদ্যালয় স্থাপন হ'ব মৰাণৰ তিনিখন চাহ বাগিচাত । দেওবাৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে দিখাৰি জিলা পৰিষদৰ অন্তৰ্ভুক্ত তিলৈজান চাহ বাগিচাত এখন আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । বাগিচাৰ ৰাইজৰ উপস্থিতিত তিলৈজান চাহ বাগিচাত বিধায়ক চক্ৰধৰ গগৈয়ে ফিটা কাটি বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে ।

মৰাণৰ তিলৈজান চাহ বাগিচাত আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন

অনুষ্ঠানটোত উপস্থিত থকা বিভাগীয় অভিযন্তা গৰাকীয়ে কয়,অহা ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি বিদ্যালয় খন ছাত্ৰ-ছাত্ৰীৰ হাতত গতাই দিয়াৰ পৰিকল্পনা তথা সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই । অনুষ্ঠানটোত স্থানীয় কেইবাগৰাকীও শিক্ষা ক্ষেত্ৰৰ লগত জড়িত গণ্য মান্য ব্যক্তিৰ লগতে চাহ বাগিচাখনৰ দুজনকৈ পৰিচালক আৰু দলীয় কৰ্মীৰ সকল উপস্থিত থাকে ।

লগতে পঢ়ক:সোমবাৰৰ পৰা পাঠদান আৰম্ভ হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠানত

Last Updated : Nov 2, 2020, 8:50 AM IST

ABOUT THE AUTHOR

...view details