ডিব্ৰুগড়,১১ এপ্ৰিল: ডিব্ৰুগড় চহৰৰ পল্টন বজাৰৰ আতিকুৰ ৰহমান নামৰ এজন ব্যক্তিৰ বাসগৃহৰ পৰা উৎখাত অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰ । অবৈধভাৱে চলি থকা আধাৰ কাৰ্ডৰ কেন্দ্ৰটো ডিব্ৰুগড় সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া, দণ্ডাধীশসহ আৰক্ষীৰ এক বৃহৎ দলে অভিযান চলাই বহু অপত্তিজনক নথি-পত্ৰ, নগদ ধন, সামগ্ৰী আদি জব্দ কৰাৰ লগতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে । দীৰ্ঘদিনৰে পৰা প্ৰশাসনৰ চকুত ধূলি দি অবৈধভাৱে আধাৰ কাৰ্ডৰ কাম চলাই থকাৰ সময়তে অৱশেষত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় চক্ৰটোক । আৰক্ষীয়ে লক্ষীমপুৰৰ দীপেন দলে, বিতোপন দেউৰী আৰু এবি দেউৰী নামৰ তিনিজন লোকক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
আনহাতে, এই অভিযানত এআৰ ০১ এম ৮১৩০ নম্বৰৰ এখন টাটা নেক্সা গাড়ী জব্দ কৰাৰ লগতে নগদ এঘাৰ হেজাৰ পঞ্চাশ টকা জব্দ কৰে । তদুপৰি এটা কম্পিউটাৰ, লেপটপ, প্ৰিণ্টাৰ, লাইট, স্কেনাৰ মেচিন, আধাৰ কাৰ্ড নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীসহ বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে ।