ডিব্ৰুগড়, ১০ ফেব্ৰুৱাৰী: মংগলবাৰে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই খোৱাঙৰ কাৱৈমাৰী কৈৱৰ্ত গাঁৱত খেতিপথাৰ পৰিদৰ্শন কৰে । উক্ত গাঁওখনৰ এগৰাকী প্ৰগতিশীল খেতিয়ক প্ৰিয়নাথ দাসৰ খেতিপথাৰ পৰিদৰ্শন কৰি খেতিয়কজনে কৃষিকাৰ্যত সন্মুখীন হৈ অহা প্ৰত্যাহ্বান আৰু অন্যান্য অসুবিধাৰ বুজ লয় উপায়ুক্তগৰাকীয়ে । প্ৰিয়নাথ দাসে কেতবোৰ সমস্যাৰ সন্মুখীন হৈ অহাত সেইবোৰৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উপায়ুক্ত ৰাজীৱ থাপাই আশ্বাস প্ৰদান কৰে । প্ৰিয়নাথ দাসৰ খেতিপথাৰ পৰিদৰ্শনকালত তেওঁৰ সৈতে জিলা কৃষি বিষয়া শ্ৰীযুত সৌমেন্দ্ৰ গোস্বামীও উপস্থিত আছিল ।
খোৱাঙত খেতিপথাৰ পৰিদৰ্শন ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্তৰ - খোৱাঙৰ কাৱৈমাৰী কৈৱৰ্ত গাঁৱত খেতিপথাৰ পৰিদৰ্শন
ডিব্ৰুগড় জিলাৰ খোৱাঙৰ কাৱৈমাৰী কৈৱৰ্ত গাঁৱৰ প্ৰগতিশীল খেতিয়ক প্ৰিয়নাথ দাসৰ খেতিপথাৰ পৰিদৰ্শন জিলা অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাৰ । খেতিয়কজনে কৃষিকাৰ্যত সন্মুখীন হৈ অহা প্ৰত্যাহ্বান আৰু অন্যান্য অসুবিধাৰ বুজ লয় উপায়ুক্তগৰাকীয়ে ।
খোৱাঙত খেতিপথাৰ পৰিদৰ্শন ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্তৰ
উল্লেখ্য যে, ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনৰ কৃষকসকলৰ বাবে বিশেষ ভূমিকা পালন কৰি আহিছে । কৃষকসকলে উচিত বজাৰ মূল্য নোপোৱাত প্ৰশাসনে খাদ্য নিগমৰ জৰিয়তে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে । লগতে জিলাখনৰ অন্য ৰবি শস্যৰ খেতিয়কসকলকো বিভিন্ন ধৰণেৰে জিলা প্ৰশাসনে উৎসাহিত কৰি আহিছে ।
লগতে পঢ়ক:কাইলৈৰ পৰা বিধানসভাৰ অধিবেশনঃ দাখিল নহ'ব পূৰ্ণাংগ বাজেট