ডিব্ৰুগড়, 11 আগষ্ট: চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অসম চাহ মজদুৰ সংঘৰ ৰাজ্যজুৰি প্ৰতিবাদ । ডিব্ৰুগড়ৰ বকুল চাহ বাগিছাতো ৰূপায়ণ কৰা হয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদী কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যাসমূহ সমাধানত চৰম ব্যৰ্থতাৰ অভিযোগ তুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
বিশেষকৈ অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে তৎকালে চাহ শ্ৰমিকৰ নিম্নতম দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে । একেদৰে অসম চাহ মজদুৰ সংঘৰ দাবী অনুসৰি অসম চৰকাৰে অসমৰ ক্ষুদ্ৰ চাহ বাগিছাসমূহত নিয়োজিত শ্রমিকসকলৰ দৈনিক মজুৰি 232 টকালৈ নিৰ্ধাৰণ কৰিলে যদিও ক্ষুদ্ৰ চাহ বাগিছাসমূহত নিয়োজিত শ্রমিকসকল অসম চৰকাৰৰ শ্ৰম বিভাগৰ দুৰ্বলতাৰ বাবে আজিও চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া 232 টকাৰ ন্যূনতম মজুৰি পাবলৈ সক্ষম নহ'ল বুলি অভিযোগ তোলে ৷