মৰাণ,15 ফেব্ৰুৱাৰীঃপ্ৰেমৰ নামত উৎসৰ্গিত দিন ভেলেণ্টাইন ডে’ৰ দিনাই ডিব্ৰুগড়ত সংঘটিত হৈছে এক অঘটন ৷ এই বিশেষ দিনটোতে এচিড আক্ৰমণৰ বলি হৈছে এগৰাকী যুৱতী ৷ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ মিৰ্জাবাগত দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এই ঘটনা ৷ সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী ।
প্ৰাপ্ত তথ্য অনুসৰি, বহু দিনৰ পৰাই এজন লোকে ভুক্তভোগী যুৱতীগৰাকীক দি আহিছিল প্ৰেমৰ প্ৰস্তাৱ ৷ প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই অৱশেষত এচিড আক্ৰমনৰ বলি হ’বলগা হয় যুৱতীগৰাকী ৷ যুৱতীগৰাকী হৈছে ডিব্ৰুগড়ৰ জয়পুৰ কছাৰী গাঁৱৰ 32 বছৰীয়া বিউটি হাজৰিকা ৷ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ নিজৰা পথত বায়েকৰ ঘৰত থাকি এটা শ্বপিং মলত কৰ্মৰত আছিল বিউটি ৷