অসম

assam

ETV Bharat / state

Gram Panchayat Corruption: পঞ্চায়তৰ সভাপতি পদৰ পৰা বহিষ্কাৰ

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ জবকাৰ্ড আৰু পঞ্চায়ত পুঁজিৰ অপ-ব্যৱহাৰ কৰি অৱশেষত বৰ্খাস্ত হ’ল এগৰাকী পঞ্চায়ত সভাপতি । অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি নাহৰকটীয়া মেৰবিল পঞ্চায়তৰ সভাপতি(President of Naharkatiya Merbil Panchayat)ক চকীৰ পৰাই খেদিলে ৱাৰ্ড সদস্যই ৷ চাওক এই প্ৰতিবেদন...

accused-corrupted-panchayat-president-expelled-from-naharkatiya-merbil-panchayat
দুৰ্নীতিৰ গোচৰত পদৰ পৰা বহিষ্কৃত পঞ্চায়তৰ সভাপতি

By

Published : Nov 23, 2021, 5:54 PM IST

মৰাণ, 23 নৱেম্বৰ : শেহতীয়াকৈ পোহৰলৈ আহিছে নাহৰকটীয়া মেৰবিল পঞ্চায়তৰ সভাপতি(President of Naharkatiya Merbil Panchayat)ৰ দুৰ্নীতিৰ ৰহস্য ৷ অভিযুক্ত পঞ্চায়তৰ সভাপতি জোনটি বৰাৰ দুৰ্নীতিৰ তথ্য ফাদিল হোৱাৰ পাচতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পঞ্চায়তটোত ৷ অভিযোগ অনুসৰি, অসম আৰক্ষী(Assam Police)ত কৰ্মৰত ভাতৃৰ নামত জবকাৰ্ড, নিজৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত চৰকাৰী পুঁজিৰে শৌচালয় আৰু যোগাভ্যাস কেন্দ্ৰ স্থাপন কৰিছে অভিযুক্ত সভাপতিজনে ৷

ইয়াৰোপৰি, অতদিনে পঞ্চায়তত দুৰ্নীতি আৰু স্বজন-তোষণ চলাই আহিছিল সভাপতি জোনটি বৰাই ৷ তেওঁ আৰক্ষীত কৰ্মৰত ভাতৃক NREGA, AS 1701004025/13 নম্বৰ জবকাৰ্ডত সন্নিবিষ্ট কৰি হাজিৰা কৰা দেখুৱাই চৰকাৰী ধন আত্মসাৎ কৰি আহিছিল ৷ আনকি তেওঁ চতুদৰ্শ বিত্তীয় আয়োগৰ আঁচনিৰ (under fourth finance commission schemes) অধীনত শৌচালয় আৰু যোগাভ্যাস কেন্দ্ৰও স্থাপন কৰিছে নিজ ঘৰৰ চাৰিসীমাৰ ভিতৰতে ৷

দুৰ্নীতিৰ গোচৰত পদৰ পৰা বহিষ্কৃত পঞ্চায়তৰ সভাপতি

অৱশেষত তেওঁক সভাপতি পদৰ পৰাই বৰ্খাস্ত কৰিলে জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁয়ে ৷ খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে নিজাববীয়াকৈ এক তদন্ত কৰি দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত সভাপতিজনক স্থিতি স্পষ্ট কৰিবলৈ এসপ্তাহৰ সময়সীমা দি এখন জাননী প্ৰেৰণ কৰিছিল । কিন্তু ইয়াৰ পাচতো সভাপতিজনে তেওঁৰ স্থিতি স্পষ্ট কৰিব নোৱাৰিলে ৷

সোমবাৰে মেৰবিল পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক কাৰ্যনিৰ্বাহক সভাত সভাপতিজনৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি সপক্ষে দুটা আৰু বিপক্ষে 8 টা আস্থা ভোট প্ৰদান কৰে ৱাৰ্ড সদস্যসকলে । এই অনাস্থা ভোটৰ জৰিয়তে সভাপতি পদৰ পৰা বৰ্খাস্ত কৰা হয় জোনটি বৰাক ৷ ইফালে জোনটি বৰা সভাপতি পদৰ পৰা বৰ্খাস্ত হোৱাৰ লগে লগে পঞ্চায়তৰ আইন অনুসৰি উপ-সভাপতিজনক সভাপতিৰ দায়িত্ব প্ৰদান কৰিছে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক :দুৰ্নীতি : পঞ্চায়ত-গ্ৰামোন্নয়নত একেলগে নিলম্বিত বহুজনক

For All Latest Updates

ABOUT THE AUTHOR

...view details