অসম

assam

ETV Bharat / state

চাবুৱাৰ বালিজানত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল বলেৰ’

ডিব্ৰুগড়ৰ চাবুৱাৰ বালিজান চাইডিঙৰ ঘূৰণীয়াত শুকুৰবাৰে দুৰ্ঘটনাত পতিত হয় এখন স্বাস্থ্য বিভাগৰ বাহন । বাহনখনৰ নম্বৰ AR-১৮-০০৪৪ ।

By

Published : May 21, 2021, 6:46 PM IST

ACCIDENT AT CHABUA
চাবুৱাৰ বালিজানত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল বলেৰ’

মৰাণ,২১ মে':ডিব্ৰুগড়ৰ চাবুৱাৰ বালিজান চাইডিঙৰ ঘূৰণীয়াত প্ৰায়ে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । শুকুৰবাৰে পুনৰ একে স্থানত খাৱৈত বাগৰিল এখন বলেৰ' বাহন । বাহনখনৰ নম্বৰ AR-১৮-০০৪৪ । দুৰ্ঘটনাগ্ৰস্ত বাহনখন স্বাস্থ্য বিভাগৰ বুলি জানিব পৰা গৈছে ।

ইফালে দুৰ্ঘটনাৰ পিছতে চালকজনৰ ভাষ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । চালকজনৰ মতে জনশূণ্য পথটোত ৫০ ৰ পৰা ৬০ গতিবেগত আহি থকা অৱস্থাত গম নোপোৱাকৈয়ে নিজে নিজে বাহন খন খাৱৈত বাগৰি পৰে ।

চাবুৱাৰ বালিজানত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল বলেৰ’

ইফালে প্ৰায়ে সেই স্থানত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো দুৰ্ঘটনা প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশ স্থানীয় লোকে ।

লগতে পঢ়ক:বাক্সাৰ নতুন আৰক্ষী অধীক্ষকক অভিনন্দন সাংবাদিক সন্থাৰ

ABOUT THE AUTHOR

...view details