দুলীয়াজান, 21 নৱেম্বৰ:নায্য বিচাৰি পুনৰ প্ৰতিবাদ বাঘজানবাসীৰ ৷ দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন চলি থকাৰ মাজতে শুকুৰবাৰে অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আদিবাসী ছাত্ৰ সন্থাৰ লগতে বাঘজানবাসী ৰাইজে প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ একাংশ ক্ষতিগ্ৰস্ত ৰাইজে তিনিটা কিস্তিলৈকে ক্ষতিপূৰণ পাইছে যদিও অন্য একাংশ ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণৰ বঞ্চিত হৈ ৰৈ গৈছে ৷
বিগত 27 মে'ৰ পৰা বাঘজানৰ অইলৰ বিজিআৰ 5 নং খাদত ধাৰাবাহিকভাৱে সংঘটিত অগ্নিকাণ্ডৰ ফলত কাষৰীয়া অঞ্চলসমূহৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণৰ দাবীৰে তিনিচুকীয়া জিলাৰ আদিবাসী ছাত্ৰ সন্থাই দুলীয়াজান অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷