অসম

assam

ETV Bharat / state

AATSA protest: শ্ৰমিকৰ মৃত্যুক লৈ ডিব্ৰুগড়ৰ মাইজানত আটছাৰ প্ৰতিবাদ - ডিব্ৰুগড়ৰ মাইজানত আটছাৰ প্ৰতিবাদ

ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাৰ এগৰাকী শ্ৰমিকে অকাল মৃত্যুক সাৱটি লব লগীয়া হোৱা ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে (Tea labor death at Maijan tea estate) ৷ মাইজান বাগিচাৰ চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিত চাহ শ্ৰমিকজনৰ অকাল মৃত্যু হোৱা বুলি আটছাই অভিযোগ উত্থাপন কৰিছে ৷

aatsa-protest-at-dibrugarh
AATSA protest: শ্ৰমিকৰ মৃত্যুক লৈ ডিব্ৰুগড়ৰ মাইজানত আটছাৰ প্ৰতিবাদ

By

Published : Oct 28, 2022, 6:11 PM IST

Updated : Oct 29, 2022, 12:08 PM IST

মৰাণ, 28 অক্টোবৰ:ৰাজ্যত সঘনাই চাহ বাগিচাৰ শ্ৰমিকৰ মৃত্যুৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে ৷ যোৱা 23 অক্টোবৰত ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাৰ এগৰাকী শ্ৰমিকে অকাল মৃত্যুক সাৱটি লবলগীয়া হোৱা ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে (Tea labor death at Maijan tea estate) ৷

ঘটনা অনুসৰি প্ৰতিদিনৰ দৰে শ্ৰমিক সন্তোষ বেদিয়াই কৰ্মস্থলীলৈ যোৱাৰ পূৰ্বে ঘৰতে পৰি গুৰুতৰভাৱে আহত হয় ৷ লগে লগে তেওঁক পৰিয়ালৰ লোকে চাহ বাগিচাত থকা চিকিৎসালয়ত ভৰ্তি কৰিবলৈ লৈ যায় ৷ কিন্তু চিকিৎসালয়খনত নাৰ্ছক বাৰম্বাৰ মাতি মাতিও কোনো সহাৰি পোৱা নাছিল পৰিয়ালৰ লোকে ৷ কিছু সময়ৰ পিছত বহু কষ্টৰ মূৰত শ্ৰমিকজনক ভৰ্তি কৰে যদিও সময়ত উপযুক্ত চিকিৎসা তথা চিকিৎসকৰ গাফিলতিৰ অভাৱত শ্ৰমিকজন মৃত্যুমুখত পৰে ৷

শ্ৰমিকৰ মৃত্যুক লৈ ডিব্ৰুগড়ৰ মাইজানত আটছাৰ প্ৰতিবাদ

এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মন কৰিবলগীয়া যে দুৰ্ভগীয়া শ্ৰমিকজনৰ ঘৰত উপাৰ্জনকাৰী কেৱল তেওঁৱেই আছিল ৷ তেওঁৰ অকাল মৃত্যুৱে পৰিয়ালটোক অথাই সাগৰত পেলাইছে ৷ চিকিৎসাৰ অভাৱত এনেদৰে শ্ৰমিকজনৰ অকাল মৃত্যুক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

শুকুৰবাৰে শ্ৰমিকজনৰ মৃত্যু তথা শ্ৰমিকসকলৰ উন্নত চিকিৎসাৰ বাবে মাইজানত আটছাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (All Assam Tea Student Association protest in Dibrugarh )৷ মাইজান বাগিচাৰ চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিত চাহ শ্ৰমিকজনৰ অকাল মৃত্যু হোৱা বুলি আটছাই অভিযোগ উত্থাপন কৰিছে ৷

বাগিচাৰ শ শ শ্ৰমিক ওলাই আহি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে মৃত্যু হোৱা শ্ৰমিকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰে ৷ ইয়াৰোপৰি অনাগত দিনত শ্ৰমিকৰ চিকিৎসা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আটছাই বাগিচা কৰ্তৃপক্ষলৈ এখনি গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰও প্ৰদান কৰে ৷

উল্লেখ্য যে ডিব্ৰুগড়ৰ বহু কেইখন চাহ বাগিচাত অনুৰূপ ঘটনা ঘটি থকাটো যেন সাধাৰণ কথা হৈ পৰিছে ৷ বিগত কেইদিনমানৰ পুৰ্বে ডিব্ৰুগড়ৰ হালমাৰী চাহ বাগিচাত উন্নত চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল দুটাকৈ নৱজাতক । আমুল পৰিৱৰ্তনৰ কথা কৈ থকা চৰকাৰৰ দিনত এইদৰে চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱা ঘটনাই উন্নয়নৰ প্ৰকৃত ছবি উদঙাই তুলিছে ৷

লগতে পঢ়ক:Gambler arrested in Moran: জুৱাৰ ঘাটি উৎখাত কৰিলে মৰাণ আৰক্ষীয়ে

Last Updated : Oct 29, 2022, 12:08 PM IST

ABOUT THE AUTHOR

...view details