মৰাণ, ২৭ আগষ্টঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মৰাণ শাখাই বুধবাৰে মৰাণৰ সমীপৰ শালমাৰী চাহ বাগিচাত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । যুগ যুগ ধৰি কঠোৰ পৰিশ্ৰম কৰি দেশৰ অৰ্থনীতিৰ ভেঁটি টনকিয়াল কৰাত সহায় কৰা চাহ উদ্যোগৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰিবৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিচতো বাগিচা কৰ্তৃপক্ষ তথা চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰে সংগঠনটো ।
মৰাণৰ শালমাৰী চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী - AATSA protest at Moran Salmari tea estate
শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী তুলি সংগঠনটোৰ সদস্য সকলে ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তুলে বাগিচাৰ চৌহদ ।
![মৰাণৰ শালমাৰী চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী AATSA protest at Moran Salmari tea estate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8574139-580-8574139-1598511906209.jpg)
মৰাণৰ শালমাৰী চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
মৰাণৰ শালমাৰী চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী তুলি সংগঠনটোৰ সদস্যসকলে ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তুলে বাগিচাৰ চৌহদ । সংগঠনটোৱে ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ অন্তত সংগঠনটোৰ সভাপতি দিপাংকৰ খাৰীয়া আৰু সম্পাদক মহাত্মা সোনাৰ সাক্ষৰিত এখন স্মাৰক পত্ৰ বাগিচাৰ মুখ্য পৰিচালকক অৰ্পন কৰে । অতি শ্ৰীঘ্ৰে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সংগঠনটোৱে ৷
লগতে পঢ়কঃপিতৃ হ'বলৈ ওলাইছে বিৰাট কোহলী