মৰাণ,6জুন:বৰ্তমানেও অনিয়ন্ত্ৰিত হৈ আছে ডিব্ৰুগড় জিলাৰ ক'ভিড পৰিস্থিতি ৷ স্বাস্থ্য বিভাগে ইতিমধ্যে জিলাখনৰ বহুকেইখন গাঁৱৰ লগতে চাহ বাগিচাক কণ্টেইন্টমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ যাৰ ফলত জিলাখনৰ লোকসকলৰ মাজত বহু সমস্যাৰ সৃষ্টি হৈছে ৷ চৰকাৰে আক্ৰান্ত তথা কণ্টেইন্টমেন্ট জ'নত থকা লোকসকলৰ বাবে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও সেয়া আজিলৈকে কাৰ্যকৰী হৈ উঠা নাই ৷
সেয়েহে, মৰাণ সমষ্টিৰ 2নং লুকুমাই গাঁওবাসীৰ মাজত চৰকাৰী খাদ্য সামগ্ৰী বিতৰণ কৰে টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে। উল্লেখ যে গাঁও খনৰ 54 জন লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাত প্ৰশাসনে গাঁওখনক কণ্টেইনমেণ্ট জ'ন ঘোষনা কৰি গাঁওখনৰ ঘাইপথটো বন্ধ কৰি দিয়াত খাদ্যৰ সমস্যাত ভোগে গাঁওবাসীয়ে ৷