ডিব্ৰুগড়,26 জানুৱাৰীঃগণৰাজ্য দিৱসৰ দিনাও ক'লা পতাকাৰ পৰা হাত সাৰিব নোৱাৰিলে বিজেপি নেতৃত্বই ৷ ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিবলৈ আহিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিধায়ক ঋতুপৰ্ণ বৰুৱা ৷ উক্ত কাৰ্যসূচীৰ বাবে আৰক্ষী আৰু চি আৰ পি এফ জোৱানৰ দ্বাৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল ৷ সভাস্থলীত উপস্থিত আছিল উপায়ুক্ত, চক্ৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত, এছ পি সহ কেইবাজনো বিষয়া ৷ কিন্তু খেলপথাৰৰ সন্মুখত থকা আছুৰ শ্বহীদ ভৱনৰ প্ৰতিহে যেন অধিক সতৰ্ক হৈ আছিল জিলা প্ৰশাসনৰ বিষয়া সকল ৷ ৰেপিদ এক্সন ফ’ৰ্চৰ প্ৰায় 50 জনীয়া সশস্ত্ৰ দলেৰে আবদ্ধ কৰি ৰখা হয় আছুৰ শ্বহীদ ভৱনৰ প্ৰৱেশপথ ৷
নিৰাপত্তা বেষ্টনীৰ মাজতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ক’লা পতাকা প্ৰদৰ্শন আছুৰ - Dibrugarh republic day celebration
গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ সামৰণি পেলাই ওলাই অহা সময়তে আছুৰ একালৰ সতীৰ্থ বিধায়ক ঋতুপৰ্ণ বৰুৱাক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ পিছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কনভয়লৈ উদ্দেশ্যি ক’লা পতাকা প্ৰদৰ্শন কৰে আছু কৰ্মীসকলে ৷
![নিৰাপত্তা বেষ্টনীৰ মাজতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ক’লা পতাকা প্ৰদৰ্শন আছুৰ AASU shows black flag to Chandramohan Patowary](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5849724-thumbnail-3x2-d.jpg)
নিৰাপত্তা বেষ্টনীৰ মাজতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ক’লা পতাকা প্ৰদৰ্শন আছুৰ
নিৰাপত্তা বেষ্টনীৰ মাজতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ক’লা পতাকা প্ৰদৰ্শন আছুৰ
আনহাতে, প্ৰতিবাদকাৰীকলক দমন কৰাৰ উদ্দেশ্যে ৰেপিড্ এক্সন ফ’ৰ্চৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পিছতো আছুৰ কৰ্মীসকলে ক’লা পতাকা প্ৰদৰ্শন কৰে ৷ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ সামৰণি পেলাই ওলাই অহা সময়তে আছুৰ একালৰ সতীৰ্থ, বিধায়ক ঋতুপৰ্ণ বৰুৱাক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ পিছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কনভয়লৈ উদ্দেশ্যি ক’লা পতাকা প্ৰদৰ্শন কৰে আছু কৰ্মীসকলে ৷
লগতে পঢ়ক-মাজুলীত ওলোটাকৈ উত্তোলন জাতীয় পতাকা