অসম

assam

শ্বহীদৰ সপোন বাস্তৱ কৰিব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে- শংকৰজ্যোতি বৰুৱা

By

Published : Jan 19, 2021, 12:59 PM IST

অসম আন্দোলনৰ তেল অৱৰোধ কাৰ্যসূচীত 'তেজ দিম তেল নিদিওঁ' শ্ল'গান দি স্বদেশ-স্বজাতিৰ বাবে বিদেশী বহিষ্কাৰ আন্দোলনত অংশগ্রহণ কৰি নিজৰ জীৱন উচৰ্গা কৰা শ্বহীদ সকলৰ স্মৃতিত সোমবাৰে ছাত্র সন্থাৰ উদ্যোগত দুলীয়াজানত অনুষ্ঠিত হয় শ্বহীদ দিৱস ৷

দুলীয়াজানত ছাত্র সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন
দুলীয়াজানত ছাত্র সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন

মৰাণ, 19 জানুৱাৰী: শ্বহীদৰ ত্যাগৰ মূল্য বুজি নোপোৱা সকলে শ্বহীদ দিৱস আৰু শ্বহীদ ন্যাস নিৰ্মাণ কৰাৰ কোনো নৈতিক অধিকাৰ নাই । শ্বহীদৰ আত্ম বলিদানৰ গইনা লৈ যি সকলে শাসনলৈ আহিলে সেই সকলে শ্বহীদৰ সপোন বাস্তৱ কৰিবলৈ নোৱাৰিলে-এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ৷ সোমবাৰে ছাত্র সন্থাৰ উদ্যোগত দুলীয়াজানত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী সোণোৱাল চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে ৷

দুলীয়াজানত ছাত্র সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন

উল্লেখ্য যে, ১৯৮০ চনৰ ১৮ জানুৱাৰীৰ দিনটোতে অসম আন্দোলনৰ তেল অৱৰোধ কাৰ্যসূচীত 'তেজ দিম তেল নিদিওঁ' শ্ল'গান দি স্বদেশ-স্বজাতিৰ বাবে বিদেশী বহিষ্কাৰ আন্দোলনত অংশগ্রহণ কৰি নিজৰ জীৱন উচৰ্গা কৰা ক্রমে নগেন ডেকা,অজিত নেওগ,কুমুদ গগৈ আৰু নৃপেন বড়াৰ স্মৃতিত দুলীয়াজান আঞ্চলিক ছাত্র সন্থাই দুলীয়াজানৰ অইল উদ্যোগিক মুখ্য প্ৰৱেশ দ্বাৰত অৱস্থিত আছুৰ কেন্দ্ৰীয় শ্বহীদ বেদী প্ৰাংগণত শ্বহীদ দিৱস উদযাপন কৰে।

পতাকা উত্তোলন,শ্বহীদ তর্পণ,প্রতিমূর্তিত মাল্যাৰ্পণ,স্মৃতিগ্রন্থ উন্মােচন,নাম-প্রসংগ,গায়ন-বায়নকে আদি কৰি মাংগলিক কাৰ্যসূচীৰে পালন কৰে শ্বহীদ দিৱস। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত আছুৰ বহু কেইজন কেন্দ্ৰীয় নেতাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক:বঙাইগাঁৱত অগপৰ জাতীয় ঐক্য সমাৰোহ

ABOUT THE AUTHOR

...view details