টিংখাং, 28 জুলাই :ক'ভিড সৃষ্ট পৰিৱেশ তথা দীঘলীয়া লক ডাউনে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত ব্যাপক প্ৰভাৱ পেলাইছে । বিশেষকৈ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ দিশত বিগত দুটা বছৰে বহুদূৰ পিছপৰি ৰ’বলগীয়া হৈছে শিক্ষাৰ্থীসকল । যাৰ বাবে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতত কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত গভীৰ অনিশ্চয়তাই দেখা দিছে ।
তেনে সময়তে এই জটিল মুহুৰ্তত ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সঠিক মাৰ্গ দৰ্শনৰ বাবে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । শিক্ষাৰ্থীসকলৰ ভৱিষ্যত দিশ নিৰ্ণয়ৰ স্বাৰ্থত প্ৰকাশ কৰি উলিয়াইছে কেৰিয়াৰকেন্দ্ৰিক তথ্য সম্বলিত এখনি তথ্যপত্ৰিকা । টিংখাং মহাবিদ্যালয়ৰ আলোচনা কক্ষত শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ শৈক্ষিক পৰিকল্পনাৰ অংশ হিচাপে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তত্বাৱধানত, টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিক্ষাগুৰুসকলৰ পৰামৰ্শ লৈ পদ্ধতিকেন্দ্ৰিক তথা কেৰিয়াৰকেন্দ্ৰিক তথ্য সম্বলিত তথ্যপত্ৰিকাখন উন্মোচন কৰা হয় ।