অসম

assam

ETV Bharat / state

চেচুঘাটস্থিত বুঢ়ীদিহিং নদীৰ বাঁহৰ দলঙক নাটক আখ্যা বিধায়ক চক্ৰধৰ গগৈৰ - বুঢ়ীদিহিং নদী

সুদীৰ্ঘ বছৰে দাবী জনোৱাৰ পাচতো মৰাণ সমষ্টিৰ খোৱাং চেচুঘাটত বুঢ়ীদিহিং নদীৰ ওপৰত এখনো দলং নিৰ্মাণ নকৰাৰ বাবে ছাত্ৰ সন্থাৰ উদ্যোগত ৰাইজৰ সহযোগত নিৰ্মাণ কৰা হয় এখন বাঁহৰ দলং ৷ কিন্তু সেই বাঁহৰ দলঙক নাটক আখ্যা দিয়ে স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে ৷

চেচুঘাটস্থিত বুঢ়ীদিহিং নদীৰ বাঁহৰ দলঙক নাটক আখ্যা বিধায়ক চক্ৰধৰ গগৈৰ
চেচুঘাটস্থিত বুঢ়ীদিহিং নদীৰ বাঁহৰ দলঙক নাটক আখ্যা বিধায়ক চক্ৰধৰ গগৈৰ

By

Published : Jan 4, 2021, 9:49 PM IST

মৰাণ, 4 জানুৱাৰী:সুদীৰ্ঘ প্ৰায় ২৮ টা বছৰে দাবী জনোৱাৰ পাচতো মৰাণ সমষ্টিৰ খোৱাং চেচুঘাটত বুঢ়ীদিহিং নদীৰ ওপৰত এখনো দলং নিৰ্মাণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ যদিও কোনো এখন চৰকাৰে এই দাবীৰ প্ৰতি সন্মান জনোৱা নাই, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত লেজাই-কলাখোৱা ,খোৱাং আৰু বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চেচুঘাট পকী দলং আৰু বাইপাছ নিৰ্মাণ সমিতিৰ কাৰ্যকৰী সভাপতি কুশল কোঁৱৰ আৰু সাধাৰণ সম্পাদক বিপুল লাহনৰ তত্ত্বাৱধানত, ৰাইজে গাঁঠিৰ ধন ভাঙি ১৫০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং নিৰ্মাণ কৰি দেওবাৰে যাতায়াতৰ বাবে মুকলি কৰে ৷ চেচুঘাটত বুঢ়ীদিহিং নদীৰ ওপৰত বাঁহৰ দলং খন ৰাইজৰ বাবে মুকলি হোৱাৰ পাছতে স্থানীয় মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে,সংবাদ মাধ্যমৰ আগত দলং সম্পৰ্কে ক'বলৈ গৈ চেচুঘাট বুঢ়ীদিহিং নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলঙক নাটক আখ্যা দিয়ে ৷

চেচুঘাটস্থিত বুঢ়ীদিহিং নদীৰ বাঁহৰ দলঙক নাটক আখ্যা বিধায়ক চক্ৰধৰ গগৈৰ

বিধায়ক গৰাকীয়ে কয়, দলং খনৰ নিৰ্মাণৰ দাবী বহু দিনীয়া ৷ বিগত সময়ত যিসকলে য়াত শাসন কৰি থাকিলে তেওঁলোকৰ দিনত সাগৰত সেঁতু বান্ধি কোনেও নজিৰ দেখুৱাব নোৱাৰিলে ৷ কিন্তু মোৰ দিনত দলং বনাই নাটক পাতিছে ৷ এশ কোটিতকৈ অধিক ধন এই প্ৰকল্পত প্ৰয়োজন হোৱাৰ বাবে দলঙৰ কাম আগবঢ়া নাই বুলি বিধায়ক গৰাকীয়ে কয় ৷ ইয়াৰোপৰি তেওঁৰ মন্তব্য, এই দলং খনতকৈ গাঁও সমূহৰ পথ নিৰ্মাণৰহে প্ৰয়োজন আছিল আৰু সেয়ে পথৰ কাম কৰা হৈছে ৷

বিধায়ক গৰাকীৰ এনে মন্তব্যৰ পাছতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ লগতে খোৱাং আৰু লেজাই-কলাখোৱা ছাত্ৰ সন্থাৰ কৰ্মী সকল জাঙুৰ খাই উঠিছে ৷ বিধায়ক চক্ৰধৰ গগৈয়ে কৰা মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা জনাইছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক ৰাহুল কোঁৱৰে ৷ ছাত্ৰ নেতাজনে বিধায়ক গৰাকীক ভবিষ্যৎ দিনত এনে ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সঁকিয়াই দিয়ে ৷

লগতে পঢ়ক:কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ

ABOUT THE AUTHOR

...view details