অসম

assam

ETV Bharat / state

সাংস্কৃতিক মন্ত্ৰীৰ গৃহ জিলাত বিহুক বিকৃতকৰণৰ অভিযোগ - Rangali Bihu celebrates in Assam

চৌদিশে ৰঙালীৰ উছাহ(Rangali Bihu 2022) । পহিলা ব'হাগত বিহুৰ আনন্দই চুইছে সকলোকে । কিন্তু ইয়াৰ মাজতে বিতৰ্কত সোমাই পৰিছে এখন বিহু । ডিব্ৰুগড় মাৰোৱাৰী যুৱ মঞ্চই বিকৃতৰূপত বিহু উপস্থাপন কৰাৰ অভিযোগ ।

aasu react on dibrugarh bihu controversy
aasu react on dibrugarh bihu controversy

By

Published : Apr 15, 2022, 5:55 PM IST

মৰাণ,১৫ এপ্ৰিল:ৰঙালীৰ আনন্দত মতলীয়া সকলো(Rangali Bihu celebrates in Assam) । কিন্তু ইয়াৰ মাজতে বিতৰ্কত বিহু(Bihu controversy IN Dibrugarh) । অসমীয়াৰ স্বাভিমান বিহুক বিকৃতকৰণৰ অভিযোগ । অনা অসমীয়াৰ দ্বাৰা বিহু উদযাপনৰ নামত জাতীয় উৎসৱক চূড়ান্তভাৱে অপমানৰ অভিযোগ ।

Aসাংস্কৃতিক মন্ত্ৰীৰ গৃহ জিলাত বিহুক বিকৃতকৰণৰ অভিযোগ

ডিব্ৰুগড়ত মাৰোৱাৰী যুৱ মঞ্চই বাহিৰৰ সংস্কৃতি আনি অসমীয়া বাপতি সাহোন ৰঙালী বিহুক বিকৃতকৰণ কৰাক লৈ সৰৱ হৈ পৰিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া । সংবাদ মাধ্যমলৈ এক ভিডিঅ প্ৰেৰণ কৰি কয় যে, অসমীয়া বাপতি সাহোন ৰঙালী বিহু ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চই পতাত আমাৰ কোনো আপত্তি নাই ৷ কিন্তু বিহু সন্মিলনৰ নাম দি "হনুমান জন্মোৎসৱ শোভাযাত্ৰা" কৰি অসমীয়া বাপতি সাহোন ৰঙালী বিহুক বিকৃত ৰূপ দিবলৈ চেষ্টা কৰাৰ লগতে ধৰ্মীয় মেৰুকৰণ কৰিবলৈ চেষ্টা কৰিলে ছাত্ৰ সন্থাই কোনো দিনাই মনে মনে বহি নাথাকে’’ ।

সাংস্কৃতিক মন্ত্ৰীৰ গৃহ জিলাত বিহুক বিকৃতকৰণৰ অভিযোগ

লগতে চৰকাৰখনৰ দায়িত্বত থকা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ গৃহ জিলাত বিহুক অপমান কৰাৰ পাছতো মন্ত্ৰীগৰাকীয়ে নীৰৱ ভূমিকা পালন কৰাত মন্ত্ৰী গৰাকীৰ স্থিতিক দুৰ্ভাগ্যজনক আখ্যা প্ৰদান কৰে ছাত্র সন্থাই । আনহাতে উক্ত বিষয়ৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ দাবী কৰিছে ছাত্ৰ সন্থাই । পৰৱৰ্তী সময়ত এই বিষয়ৰ ওপৰ কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন

ABOUT THE AUTHOR

...view details