নাহৰকটীয়া, 25আগষ্টঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু পৰিবেশ প্ৰভাৱ নিৰূপণ খচৰা ২০২০ বাতিলৰ দাবীত আজি নাহৰকটীয়াত আছুয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত এক জোঁৰ সমদল বাহিৰ কৰে আছুৱে ৷ এই জোঁৰ সমদলত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত উলিওৱা এই সমদলত দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷
CAA আৰু EIA বাতিলৰ দাবীত নাহৰকটীয়াত আছ়ুৰ প্ৰতিবাদ - জোঁৰ সমদল
নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত এক জোঁৰ সমদল বাহিৰ কৰে আছুৱে ৷ এই জোঁৰ সমদলত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত উলিওৱা এই সমদলত দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷
![CAA আৰু EIA বাতিলৰ দাবীত নাহৰকটীয়াত আছ়ুৰ প্ৰতিবাদ AASU protests in Naharkatia demanding cancellation of CAA and EIA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8556608-279-8556608-1598374197700.jpg)
CAA আৰু EIA বাতিলৰ দাবীত নাহৰকটীয়াত আছ়ুৰ প্ৰতিবাদ
CAA আৰু EIA বাতিলৰ দাবীত নাহৰকটীয়াত আছ়ুৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীসকলে কা আমাক নেলাগে, কা আমি নামানো, বিজেপি মূৰ্দাবাদ আদি শ্ল'গানেৰে উত্তপ্ত কৰি তোলে নাহৰকটীয়াৰ ৰাজপথ ৷ আনহাতে এই সমদলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক অনিল গগৈয়েও অংশগ্ৰহণ কৰে ৷