টিংখাং, 1 ফেব্ৰুৱাৰী: সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকল । ডিব্ৰুগড়ৰ টিংখাঙতো চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে টিংখাং আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই ।
উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাগৰিকত্ব (সংশোধনী) আইন বাতিল, পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ লগতে অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ আন ঠাইৰ লগতে শুৱালকুছি আৰু তেজপুৰতো আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল । অহিংস আৰু গণতান্ত্ৰিকভাৱে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰিবলৈ প্ৰতিবাদকাৰীক আৰক্ষী বাহিনীয়ে কৰা বৰ্বৰ আক্ৰমণৰ ফলত কেইবাজনো ছাত্ৰ সন্থাৰ কৰ্মী গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হয় ৷