অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছুৰ প্ৰতিবাদ - AASU protest in front of Vice Chancellor Office

ক'ভিডৰ ভয়াৱহতাৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত আছুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়ৰ অধীনৰ কেইবাটাও কেন্দ্ৰৰ অত্যাধিক মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

aasu-protest-in-front-of-vice-chancellors-office-of-dibrugarh-university
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যালয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ

By

Published : Jun 29, 2021, 9:48 PM IST

মৰাণ, 29 জুন : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ইয়াৰ মাজতে মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়ৰ আছু গোটে ৷ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ কৰ্মীসকলে ৷ লগতে কোনো কাৰণতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ নামভৰ্তিৰ মাচুল বৃদ্ধি মানি লোৱা নহব বুলি স্পষ্ট কৰি দিয়ে আছুৱে ৷

উল্লেখ্য যে, চৰকাৰী শিক্ষা প্ৰতিষ্ঠানখনৰ অধীনত অধ্যয়ন কৰাৰ নামত লক্ষাধিক টকা মাচুল আদায় কৰি বিমোৰত পৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷ 2020 চনতে বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালকে 50 শতাংশ মাচুল হ্ৰাসৰ বাবে নিৰ্দেশনা দিয়াৰ পিছতো নামভৰ্তিৰ নামত লক্ষাধিক টকা পৰিশোধ কৰিবলগীয়া হৈছে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ বি টেকৰ শিক্ষাৰ্থীসকলে ৷ যাৰ বাবে মঙলবাৰে প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ আছু গোট ৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ শীঘ্ৰে মাচুল হ্ৰাস কৰাৰ দাবী জনাইছে আছুৱে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যালয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ

বিগত 21 জুনতে মাচুল হ্ৰাস কৰাৰ বাবে দাবী জনাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল বিশ্ববিদ্যালয়ৰ আছু গোটে ৷

কিন্তু আছুৰ দাবীক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আছুৱে ৷ অভিযোগ অনুসৰি ,ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি অত্যাধিক মাচুল পৰিশোধ কৰিব নোৱাৰাৰ ফলত আধাতে শিক্ষা জীৱন সামৰিবলগীয়া হৈছে বহু ছাত্ৰ ছাত্ৰীয়ে ৷ উল্লেখ্য যে, বি টেকৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনত থকা আন 17 টা কেন্দ্ৰৰ অত্যাধিক মাচুল বৃদ্ধিক লৈও ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃপ্ৰসংগ APSC কেলেংকাৰী: প্রাক্তন DIGৰ পুত্র, সাংবাদিকৰ আত্মীয়ক তলব

ABOUT THE AUTHOR

...view details