মৰাণ, 10 ফেব্ৰুৱাৰী :অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ আহ্বানক্ৰমে দুলীয়াজান আঞ্চলিক সমিতিয়ে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । আছুৰ দুলীয়াজান আঞ্চলিক সমিতিৰ কৰ্মীসকলে দুলীয়াজানৰ মাজমজিয়াৰ আৰক্ষী থানাৰ সমীপত পিপলতল তিনিআলিত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত দুলীয়াজানত আছুৰ বিক্ষোভ কাৰ্যসূচী
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ আহ্বানক্ৰমে দুলীয়াজান আঞ্চলিক সমিতিয়ে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।
মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত দুলীয়াজানত আছুৰ বিক্ষোভ কাৰ্যসূচী
আলু,পিঁয়াজ মালা পিন্ধি আৰু এল পি জি চিলিণ্ডাৰ লগত লৈ বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাৰ্দ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাৰ্দ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুৰ্দাবাৰ্দ,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ উক্ত কাৰ্যসূচীত শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ