অসম

assam

ETV Bharat / state

লাহোৱালত তীব্ৰ প্ৰতিবাদ আছু কৰ্মীৰ

বিজেপিক নিৰ্বাচনৰ বৈতৰণী পাৰ কৰাবলৈ চাবুৱাত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে বিশাল জনসভা সম্বোধন কৰাৰ সময়তে বাইক ৰেলীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত কা'ৰ বিৰোধীতাত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

By

Published : Mar 20, 2021, 10:58 PM IST

লাহোৱালত তীব্ৰ প্ৰতিবাদ আছু কৰ্মীৰ
লাহোৱালত তীব্ৰ প্ৰতিবাদ আছু কৰ্মীৰ

ডিব্ৰুগড়,20 মাৰ্চ: শনিবাৰে পুনৰ সদৌ অসম ছাত্ৰ সন্থাই কঁপালে ৰাজ্যৰ আকাশ-বতাহ ৷ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিশাল বাইক ৰেলী বাহিৰ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে সদৌ অসম ছাত্ৰ সন্থা ৷ কোনোপধ্যে জাতিধ্বংসী নাগৰিকত্ব আইন মানি লোৱা নহ'ব বুলি দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ লাহোৱালতো সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ বিজেপিক নিৰ্বাচনৰ বৈতৰণী পাৰ কৰাবলৈ চাবুৱাত উপস্থিত হৈ বিজেপিৰ নেতা তথা দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে বিশাল জনসভা সম্বোধন কৰাৰ সময়তে বাইক ৰেলীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ অসমৰ অন্যতম ছাত্ৰ সংগঠনটোৰ নেতা কৰ্মীৰ লগতে শতাধিক লোকে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ জাতীয়তাবাদৰ নাম লৈ ৰাষ্ট্ৰীয় দল বিজেপিৰে মিত্ৰতা কৰি নিৰ্বাচনত জয়ী হোৱাৰ আশাৰে চাবুৱাত প্ৰতিদ্বন্দ্বিতা কৰা পোনাকণ বৰুৱাৰ হৈ প্ৰচাৰ চলাবলৈ অহা মোডীৰ এই আগমনৰ তীব্ৰ বিৰোধিতা কৰে আছুৱে ।

অন্য এক খবৰৰ বাবে: গো-শালা স্থাপনৰ প্ৰতিশ্ৰুতিয়ে নিৰ্বাচনত সহায় কৰিবনে কংগ্ৰেছক !

ABOUT THE AUTHOR

...view details