অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ - টিংখাং আঞ্চলিক ছাত্ৰ সন্থা

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত বুধবাৰে ডিব্ৰুগড়ৰ টিংখাং,ৰাজগড় আৰু লেঙেৰীত আছু কৰ্মীসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে জিলাখনৰ উক্ত আঞ্চলিক সমতি কেইখনৰ পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত ।

AS_Tingkhong_02_AASU_Protest_vis_ASC10071
ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ

By

Published : Feb 10, 2021, 5:32 PM IST

Updated : Feb 10, 2021, 6:03 PM IST

টিংখাং, ১০ ফেব্ৰুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত বুধবাৰে ডিব্ৰুগড়ৰ টিংখাং,ৰাজগড় আৰু লেঙেৰীত আছু কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলাখনৰ উক্ত আঞ্চলিক সমতি কেইখনে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে ।

ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ

ৰাজগড় শ্বহীদ বেদী সমীপত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই,টিংখাঙৰ পেট্ৰ'ল পাম্পৰ সমীপত টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই আৰু লেঙেৰী তিনিআলিত লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদস্থলীত আলু,পিঁয়াজ,মিঠাতেল আদি আগত ৰাখি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ শীঘ্ৰে হ্ৰাস নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে আছু কৰ্মীসকলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক,আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা: আহত দুজন

Last Updated : Feb 10, 2021, 6:03 PM IST

ABOUT THE AUTHOR

...view details