অসম

assam

‘কা’ৰ প্ৰতিলিপি দাহ কৰি টিংখাঙত আছুৰ প্ৰতিবাদ

By

Published : Jan 24, 2021, 1:48 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ‘কা’ৰ প্ৰতিলিপি দাহ আৰু ক’লা পতাকা উত্তোলন কৰি টিংখাঙত আছুৰ প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ আছুৰ নেতৃবৃন্দৰ ৷

ক’লা পতাকা উত্তোলনেৰে টিংখাং আছুৰ প্ৰতিবাদ
ক’লা পতাকা উত্তোলনেৰে টিংখাং আছুৰ প্ৰতিবাদ

টিংখাং,24 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টিংখাঙত আছুৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে দেওবাৰে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই টিংখাং তেল ডিপোৰ সমীপত ‘কা’ৰ প্ৰতিলিপি দাহ আৰু ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ক’লা পতাকা উত্তোলনেৰে টিংখাং আছুৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰি হাতে হাতে ক’লা পতাকা লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত ৰাজ্যত ধাৰাবাহিকভৱে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে আছুৰ নেতৃবৃন্দই ৷


লগতে পঢ়ক:নলবাৰীত নিৰ্বাচনী ৰণডংকা বজাব অমিত শ্বাহে

ABOUT THE AUTHOR

...view details