টিংখাং,7 জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে উক্ত আইন বাতিলৰ দাবীত টিংখাঙত ৰাজগড়ত আছুৰ উদ্যোগত ৰূপায়ণ কৰা হয় মানৱ শৃংখল কাৰ্যসূচী ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মৰাণ-নাহৰকটীয়া সংযোগী ৰাজ্যিক ঘাইপথৰ কাষত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আছু কৰ্মীৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টিংখাঙত আছুৰ মানৱ শৃংখল - নাগৰিকত্ব সংশোধনী আইন
বিজেপি চৰকাৰে অচিৰেই নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷
কা' বাতিলৰ দাবীত টিংখাঙত আছুৰ মানৱ শৃংখল
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে’-কাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ বিজেপি চৰকাৰখনে অতিশীঘ্ৰে যদি 'কা' বাতিল নকৰে তেনেহ'লে ছাত্ৰ সমাজ অচিৰেই ৰাজপথত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷