অসম

assam

ETV Bharat / state

NHPCক লৈ বদ্ধ পৰিকৰ চৰকাৰঃ চন্দ্ৰমোহন পাটোৱাৰী

আছুৰ প্ৰতিবাদৰ মাজতেই নামৰূপত উপস্থিত উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ৷ গেছৰ নাটনিৰ বাবেই স্থাপন কৰা হোৱা নাই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট ৷

By

Published : Sep 14, 2019, 11:45 PM IST

চন্দ্ৰ মোহন পাটোৱাৰী কনভয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ

ডিব্ৰুগড়,14 চেপ্তেম্বৰঃ নামৰূপত আছুৰ প্ৰতিবাদ ৷ আছুৰ প্ৰতিবাদৰ মাজতেই নামৰূপত উপস্থিত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। মন্ত্ৰী গৰাকী নামৰূপত উপস্থিত হোৱাৰ পাচতে কনভয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

চন্দ্ৰ মোহন পাটোৱাৰী কনভয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ

আনহাতে,নামৰূপত উপস্থিত হৈ চন্দ্ৰমোহন পাটোৱাৰীৰ কয়,গেছৰ নাটনিৰ বাবেই স্থাপন কৰা হোৱা নাই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ কাম। অসমৰ গেছৰ নাটনি দূৰ কৰিবলৈ বাৰাণসীৰ পৰা অসমলৈ অনা হৈছে গেছ লাইন ৷ এবছৰৰ পাচতহে সম্পূৰ্ণ হ'ব গেছ লাইনৰ কাম তাৰ পাছত আৰম্ভ হ'ব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ কাম ৷

ইতিমধ্যেই সাৰ কাৰখানাৰ DPRৰ কাম সম্পূৰ্ণ হৈ উঠিছে । NHPCক লৈ বদ্ধ পৰিকৰ চৰকাৰ ৷ ৪০ শতাংশ সম্পূৰ্ণ হৈছে NHPC নিমাৰ্ণৰ কাম । দল সংগঠনৰ প্ৰতিবাদৰ ফলত কাম লেহেমীয়া হৈছে যদিও শীঘ্ৰে NHPCৰ কাম সম্পূৰ্ণ হ'ব বুলি মন্তব্য পাটোৱাৰীৰ। ইফালে CAB যিকোনো প্ৰকাৰে গৃহীত কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

ABOUT THE AUTHOR

...view details