টিংখাং, 27 জুলাই : সোমবাৰে CAA বাতিলৰ দাবীত টিংখাঙৰ ৰাজগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজগড় আঞ্চলিক আছুৱে ৰূপায়ন কৰে মানৱ শৃংখল কাৰ্যসূচী ৷
সংগঠনটোৱে বিজেপি চৰকাৰ কাম নাই, বিজেপি গ' বেক, আৰ এছ এছ হুচিয়াৰ, কা আমি নামনো আদি বিভিন্ন শ্ল’গানেৰে ৰাজপথত বৰতাল বজাই উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
টিংখাঙত CAA বাতিলৰ দাবীৰে আছুৰ তীব্ৰ প্ৰতিবাদ এই প্ৰতিবাদী কাৰ্যসূচীত আছুসহ আন কেইবাটাও স্থানীয় সংগঠনে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী বুলি আখ্যা দি ক্ষুৰধাৰ সমালোচনা কৰে । আনহাতে, ৰাজগড় অঞ্চলৰ একাংশ ব্যৱসায়ীয়েও এই প্ৰতিবাদত স্বতঃস্ফুতভাৱে অংশগ্ৰহণ কৰি CAAৰ তীব্ৰ বিৰোধিতা কৰে ।
লগতে পঢ়ক : ক্ৰমাৎ উন্নত ৰাজ্যৰ বান পৰিস্থিতি:মৃতকৰ সংখ্যা 102 লৈ বৃদ্ধি