মৰাণ, 24 জানুৱাৰী : কা বিৰোধিতাৰে ডিব্ৰুগড়ত ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে দেওবাৰে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । "কা" আমি নামানো, ই আই এ অধিসূচনা বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক, আছু জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সংগঠনটোৱে।
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ছাত্ৰ সন্থাৰ পথ অৱৰোধ
ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে চাবুৱাত আছুৰ প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে "কা" আৰু ই আই এ বাতিল কৰিবলৈ চৰকাৰক হুংকাৰ প্ৰদান আছুৰ নেতৃবৃন্দৰ ৷
চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ পথ অৱৰোধ
উল্লেখ্য যে, অসমীয়াক ঠগিব বিচৰা জাতিধ্বংসী "কা" অসমীয়াই কেতিয়াও নামানে আৰু ই আই এ অধিসূচনাৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চলসমূহ ধ্বংস কৰি চৰকাৰে বহিৰাগত বণিক গোষ্ঠীৰ হাতত গটাব ওলোৱাত পূৰ্বতেও প্ৰতিবাদ কৰি আহিছিল সংগঠনটোৱে ৷ কাৰণ অসম আৰু অসমীয়াই এই ক্ষেত্রত কেতিয়াও লাভাম্বিত নহয়। সেয়েহে শীঘ্ৰেই "কা" আৰু ই আই এ বাতিল কৰিবলৈ চৰকাৰক হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ সংগঠনটোৱে ।
লগতে পঢ়ক:‘কা’ৰ প্ৰতিলিপি দাহ কৰি টিংখাঙত আছুৰ প্ৰতিবাদ