মৰাণ, ৯ নৱেম্বৰ :অসমৰ স্বাভিমান স্বৰূপ নামৰূপ সাৰ কাৰখানা বিক্ৰী তথা ব্যক্তিগতকৰণ কৰিবলৈ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে (Centre to privatisation of Namrup fertilizer plant) । যিকোনো মুহূৰ্ততে বিক্ৰী হ'ব পাৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা । সকলো ঠিকে থাকিলে আগন্তুক বৰ্ষতে মোদী চৰকাৰে বিক্ৰী কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিজীৱীসকলৰ একমাত্ৰ ভৰসা এই সাৰ কাৰখানাটো ।
চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰি ডিব্ৰুগড়ত আছুৱে ৰূপায়ণ কৰে মুণ্ডন কাৰ্যসূচী (AASU Mundan programme in Dibrugarh) । নামৰূপ সাৰ কাৰখানা ব্যক্তিগত খণ্ডৰ হাতত গতোৱা আৰু চতুৰ্থ গোট স্থাপনৰ পৰিকল্পনা কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত বুধবাৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে (AASU opposes sale of Namrup fertilizer plant) ।
বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ' বেক, নামৰূপ সাৰকাৰখানা বন্ধ কৰিবলৈ দিয়া নহ'ব আদি শ্লোগানেৰে আছু কৰ্মীসকলে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৱনী গগৈৰ নেতৃত্বত অনুষ্ঠিত মুণ্ডন কাৰ্যসূচীত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আছুকৰ্মীসকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।