ডিব্ৰুগড়, ১৫ জুন : চৰকাৰে অসমীয়া ভাষা বিৰোধী যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনৰ তীব্ৰ কৰি তোলা পৰিলক্ষিত হৈছে । চৰকাৰৰ বিৰুদ্ধে মাধ্যম আন্দোলনৰ সঁহাৰি বিচাৰি বুধবাৰে প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হয় সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি । ড৹ শইকীয়াৰ বৰ্ণমালাত উপস্থিত হৈ চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই চলাই থকা আন্দোলনক সঁহাৰি আৰু পৰামৰ্শ বিচাৰি প্ৰচাৰ পত্ৰিকা প্ৰদান কৰে জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই ।
ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পাঠদানৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াই কয়, ‘‘আছুৱে বহু দেৰিকৈ সাৰ পালে । যেতিয়াই বিষয়টো ওলাইছিল তেতিয়াই মই ভাবিছিলো প্ৰথম আপত্তিটো আছুৰ পৰাই আহিব । মই ইয়াৰ বিৰুদ্ধে লগে লগে প্ৰতিক্ৰিয়া অগবঢ়াইছিলো । সৌ সিদিনা আছুৱে আন্দোলন কৰিছিল’’ ।
লগতে পঢ়ক :Cyclone Biparjoy : আজি বিয়লি গুজৰাটত প্ৰৱেশৰ সম্ভাৱনা, বিপৰ্যয়ৰে মোকাবিলা কৰিবলৈ সাজু নৌসেনা