অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত আছু নেতা লিখন বৰুৱাৰ পদত্যাগ - ডিব্ৰুগড়ৰ আছু নেতা লিখন বৰুৱা

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা লিখন বৰুৱাৰ পদত্য়াগ । শুকুৰবাৰে ডিব্ৰুগড়ৰ আছুৰ শ্বহীদ ন্যাস ভৱনত পদত্যাগ পত্ৰ দাখিল কৰে আছু নেতা গৰাকীয়ে ।

ডিব্ৰুগড়ত আছু নেতা লিখন বৰুৱাৰ পদত্যাগ
ডিব্ৰুগড়ত আছু নেতা লিখন বৰুৱাৰ পদত্যাগ

By

Published : Jan 8, 2021, 9:49 PM IST

ডিব্ৰুগড়,৮ জানুৱাৰী : ডিব্ৰুগড়ৰ আছু নেতা লিখন বৰুৱা পদত্যাগৰ পিছতে সংগঠনটোৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দীৰ্ঘদিন ধৰি আছুৰ মজিয়াত থাকি জাতীয়তাবাদক শক্তিশালী কৰি তোলা এইগৰাকী নেতাৰ হঠাৎ আছুৰ মজিয়াৰ পৰা বিদায় লোৱাৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ।

উল্লেখ যে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা আছিল লিখন বৰুৱা । শুকুৰবাৰে ডিব্ৰুগড়ৰ আছুৰ শ্বহীদ ন্যাস ভৱনত পদত্যাগ পত্ৰ দাখিল কৰে আছু নেতা গৰাকীয়ে। এসময়ৰ আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ কাৰ্যনিৰ্বাহকত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা এইগৰাকী নেতাই আগন্তুক সময়ত ৰাজ্যত নতুন ৰাজনৈতিক দল গঠন হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো এটা দলত যোগদান কৰা দিশেৰে অগ্ৰসৰ হ'ব নেকি তাক লৈও চৰ্চা অব্য়াহত আছে সংগঠনটোৰ ভিতৰচ'ৰাত ।

লগতে পঢ়ক :মাকুমত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ABOUT THE AUTHOR

...view details