অসম

assam

ETV Bharat / state

১০ দিনৰ ভিতৰত জিঅ’ বেগৰ কাম সম্পন্ন কৰাৰ দাবী আছুৰ

ৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধ প্ৰকল্প পৰিদৰ্শন চাবুৱা আছুৰ ৷ ১০ দিনৰ ভিতৰত ৰহমৰীয়া জিঅ’ বেগৰ কাম সম্পন্ন কৰিবলৈ চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ দাবী ৷

By

Published : May 21, 2021, 9:05 PM IST

aasu-leader-of-chabua-visited-anti-erosion-project-of-rahmaria
১০ দিনৰ ভিতৰত ৰহমৰীয়া জি'অ বেগৰ কাম সম্পন্ন কৰিবলৈ দাবী চাবুৱা আছুৰ

মৰাণ,21 মে': সুদীৰ্ঘ ২৫ বছৰীয়া আন্দোলনৰ ফলস্বৰূপে চাবুৱা ৰাজহ চক্ৰৰ এলেকাধীন ৰহমৰীয়াবাসীয়ে গৰাখহনীয়া ৰোধৰ বাবে জিঅ’ বেগ প্ৰকল্পৰ বাবদ চৰকাৰৰ পৰা লাভ কৰিছিল ৭ কোটি ৭৪ লাখ টকাৰ ৰাজ সাহায্য ৷ কিন্ত এই বৃহৎ পৰিমাণৰ সাহায্য যুক্ত জিঅ’ বেগৰ নিৰ্মীয়মান প্ৰকল্পত দেখা দিছে ব্যাপক বিসংগতি ৷ ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰহমৰীয়াত বালি ভৰ্তি জিঅ’ বেগ চিলাই নকৰাকৈ পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনাৰ পাছতেই বৃহস্পতিবাৰে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে ৰহমৰীয়া খহনীয়াস্থলী পৰিদৰ্শন কৰে । উল্লেখ্য যে, জলসম্পদ বিভাগৰ যোগেদি ৰহমৰীয়াত ৭ কোটি ৭৪ লাখ টকীয়া এক জিঅ’ বেগ প্ৰকল্পৰ কাম চলি আছে ।

১০ দিনৰ ভিতৰত ৰহমৰীয়া জি'অ বেগৰ কাম সম্পন্ন কৰিবলৈ দাবী চাবুৱা আছুৰ

জল সম্পদ বিভাগৰ যোগেদি ৰহমৰীয়াত চলি থকা জিঅ’ বেগৰ কাম নিম্নমানৰ হৈছে বুলি ৰহমৰীয়া খহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চয়ে অভিযোগ তুলিছে । বালি ভৰ্তি জিঅ’ বেগ ব্ৰহ্মপুত্ৰৰ পাৰত চিলাই নকৰাকৈ দিয়াৰ পাছতেই সংগঠনটোৱে সামাজিক মাধ্যমৰ যোগেদি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

এই ঘটনাৰ পাছতে বৃহস্পতিবাৰে ৰহমৰীয়াত চলি থকা জিঅ’ বেগৰ কাম চাবুৱা আছুৱে পৰিদৰ্শন কৰি ১০ দিনৰ ভিতৰত নিৰ্মাণ কাৰ্য শেষ কৰিবলৈ দাবী জনোৱাৰ সমান্তৰালভাৱে জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে এই বিষয়টো হস্তক্ষেপ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে ।

লগতে পঢ়ক :অখিলক কৰা দুৰ্ব্যৱহাৰত তীব্ৰ প্ৰতিক্ৰিয়া ভাস্কো ডি শইকীয়াৰ

ABOUT THE AUTHOR

...view details