অসম

assam

ETV Bharat / state

বহিষ্কৃত ছাত্ৰ নেতাক আদৰি আছুৰ অৰাজনৈতিক চৰিত্ৰক প্ৰশংসা অগপ বিধায়ক পোনাকণ বৰুৱাৰ - সদৌ আছুৰ অৰাজনৈতিক চৰিত্ৰক প্ৰশংসা অগপ বিধায়ক পোনাকণ বৰুৱাৰ

সদৌ অসম ছাত্ৰসন্থাৰ সদস্যসকলে অসম গণ পৰিষদত যোগদান কৰাটো বিচাৰে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ৷ আছুৰ পৰা বহিষ্কৃত হৈ সোমবাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ একাংশ নেতা-কৰ্মীয়ে অগপত যোগদান কৰাৰ পিছতে এই মন্তব্য বিধায়কগৰাকীৰ (AASU leader joins AGP at Chabua)৷

AASU leader joins AGP at Chabua
অগপত যোগদান আছুৰ শতাধিক নেতা-কৰ্মীৰ

By

Published : Feb 22, 2022, 5:36 PM IST

Updated : Feb 22, 2022, 6:20 PM IST

মৰাণ, 22 ফেব্ৰুৱাৰী: পৌৰসভা নিৰ্বাচনক লৈ ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে ৷ তেনে সময়তেই ডিব্ৰুগড়ৰ চাবুৱাত পৌৰসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম গণ পৰিষদ দলত যোগদান কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ নেতাৰ(AASU leader joins AGP at Chabua) ৷

অগপত যোগদান আছুৰ শতাধিক নেতা-কৰ্মীৰ

12 বছৰে সদৌ অসম ছাত্ৰ সন্থাত থাকি ৰাইজৰ সেৱা কৰি অৱশেষত বহিষ্কাৰ হোৱা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ভাস্কৰ্য গগৈৰ নেতৃত্বত সোমবাৰে শতাধিক আছু কৰ্মীয়ে যোগদান কৰে অসম গণ পৰিষদ দলত । চাবুৱাত অনুষ্ঠিত এক অনুষ্ঠানত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ উপস্থিতিত আছু কৰ্মীসকলে আনুষ্ঠানিকভাৱে যোগদান কৰিলে অসম গণ পৰিষদ দলত ৷ ইয়াৰ পাছতে অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ লগতে দলীয় নেতা-কৰ্মীসকলে দলীয় বস্ত্ৰ পিন্ধাই আছু কৰ্মীসকলক দললৈ আদৰণি জনায় ৷

তেওঁ কয় যে, সদৌ অসম ছাত্ৰ সন্থাই নিজৰ অৰাজনৈতিকভাৱে সংগ্ৰাম চলাই আহিছে গতিকে সংগঠনটোৰ সিদ্ধান্তক তেওঁ সমালোচনা নকৰে ৷ ইপিনে, সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থকা দিন স্মৰণ কৰি তেওঁ কয়, ছাত্ৰ সন্থাৰ মজিয়াত থকাৰ সময়চোৱাত তেওঁলোকেও ৰাজনৈতিক দলৰ সৈতে কোনোবাই সম্পৰ্ক স্থাপন কৰোতে বহিস্কাৰ কৰিছিল যদিও, পিছলৈ তেওঁলোক নিজেও অগপত চামিল হৈছিল ৷ ছাত্ৰ সন্থাৰ কৰ্মী সকলক তেওঁ অগপত যোগদান কৰিবলৈ আহ্বান জনায় সদ্য বহিষ্কৃত ছাত্ৰ নেতা সকলৰ 'জয় আই অসম'ৰ পৰা 'জয় আই অসম'লৈ আগমণ হৈছে বুলি মন্তব্য কৰে ৷

পৌৰসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম গণ পৰিষদ দলত সদৌ অসম ছাত্ৰ সন্থাৰ নেতা-কৰ্মীৰ যোগদানৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে । উল্লেখ্য যে, দুটা দিনৰ পূৰ্বে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই ভাস্কৰ্য গগৈৰ সৈতে চাৰি আছু নেতাক বহিষ্কাৰ কৰিছিল (AASU leader expelled in Dibrugarh)। ইয়াৰ পাছতে এইসকল আছুৰ পৰা বহিষ্কৃত আছু নেতাৰ নেতৃত্বত চলিছে যোগদান কাৰ্যসূচী ।

লগতে পঢ়ক:আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা : সকলো পদতে বিজয়ী আছু সমৰ্থিত প্ৰাৰ্থী

Last Updated : Feb 22, 2022, 6:20 PM IST

ABOUT THE AUTHOR

...view details