অসম

assam

By

Published : Mar 5, 2021, 10:58 PM IST

ETV Bharat / state

আছু নেতা জোনজ্যোতি বৰুৱাৰ অসম জাতীয় পৰিষদত যোগদান

শুকুৰবাৰে টিংখাং সাহিত্য ভৱনত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ এখন দলীয় সভাত দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্বত থকা জোনজ্যোতি বৰুৱাই ৷

AASU leader Gyanjyoti Baruah joined AJP
আছু নেতা জোনজ্যোতি বৰুৱাৰ অসম জাতীয় পৰিষদত যোগদান

মৰাণ,5 মাৰ্চ:আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী থকাৰ সময়তে শুকুৰবাৰে অসম জাতীয় পৰিষদ দলত যোগদান কৰিলে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জোনজ্যোতি বৰুৱাই ৷ শুকুৰবাৰে টিংখাং সাহিত্য ভৱনত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ এখন দলীয় সভাত দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্বত থকা তথা লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা জোনজ্যোতি বৰুৱাই ৷ উক্ত সভাতে অসম জাতীয় পৰিষদ, টিংখাং সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ নিৰ্বাচিত হৈ দায়িত্ব গ্ৰহণ কৰে ৷

আছু নেতা জোনজ্যোতি বৰুৱাৰ অসম জাতীয় পৰিষদত যোগদান

উল্লেখ্য যে,অসম জাতীয় পৰিষদে জন্ম লাভ কৰা পাছৰে পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ বহু নেতাই অসম জাতীয় পৰিষদৰ জৰিয়তে ৰাজনৈতিক পথাৰত খোজ দিছে ৷ ইফালে শুকুৰবাৰে সন্ধিয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে 18 টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে অসম জাতীয় পৰিষদে ৷

লগতে পঢ়কঃলখিমপুৰৰ তিনিটা সমষ্টিত বিজেপিয়ে দিলে প্ৰাৰ্থী

For All Latest Updates

ABOUT THE AUTHOR

...view details