অসম

assam

ETV Bharat / state

নামৰূপত আছুৰ 24 ঘণ্টীয়া অনশন - assam news

গাঁও আৰু কাছাৰ কাগজকলৰ পাচত এইবাৰ তিল তিলকৈ মৃত্যু মুখলৈ গতি কৰিছে ডিব্ৰুগড়ৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলি সাৰকাৰখানা । সাৰ উদ্যোগটো প্ৰতিষ্ঠাৰ দিনৰে পৰাই উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে পশ্চিম বংগ, বিহাৰ, উৰিষ্যা,ঝাৰখণ্ডকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ কৃষক সকলৰ সাৰৰ চাহিদা পূৰণ কৰি আহিছে

নামৰূপত আছুৰ 24 ঘণ্টীয়া অনশন

By

Published : Aug 14, 2019, 11:51 PM IST

ডিব্ৰুগড়, 14 আগষ্টঃ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে কেবিনেট অনুমোদনৰ দাবীত নামৰূপ আছুৰ 24 ঘণ্টীয়া অনশন ৷ নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবীত বুধবাৰে পুৱাৰ পৰা 24 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে নামৰূপ আছুয়ে । নামৰূপ গান্ধী মৈদানৰ সম্মুখত অৰ্দ্ধ শতাধিক আছু কৰ্মীয়ে বুধবাৰে পুৱাৰে পৰা আৰম্ভ কৰা এই অনশন কাৰ্যসূচী স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়লৈকে অব্যাহত ৰাখিব বুলি সদৰী কৰে । শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপন নকৰিলে নামৰূপত মন্ত্ৰী বিধায়কৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ হুংকাৰ দিয়ে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ৷


উল্লেখ্য যে, নগাঁও আৰু কাছাৰ কাগজকলৰ পাচত এইবাৰ তিল তিলকৈ মৃত্যু মুখলৈ গতি কৰিছে ডিব্ৰুগড়ৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলি সাৰকাৰখানা । সাৰ উদ্যোগটো প্ৰতিষ্ঠাৰ দিনৰে পৰাই উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে পশ্চিম বংগ, বিহাৰ, উৰিষ্যা,ঝাৰখণ্ডকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ কৃষক সকলৰ সাৰৰ চাহিদা পূৰণ কৰি আহিছে । সাৰ উদ্যোগটো জীয়াই ৰাখিবলৈ তদানীন্তন সাৰ মন্ত্ৰী ৰামবিলাশ পাছোৱানে ২০০৬ চনতে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোটটো স্থাপনৰ কথা ঘোষণা কৰিছিল যদিও বৰ্তমান পৰ্যন্ত কাৰ্যকৰী ন'হল । উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এই সাৰ উদ্যোগটো জীয়াই ৰাখিবলৈ নামৰূপস্থিত বিভিন্ন দল সংগঠনে বিগত ১৩ টা বছৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল যদিও গা লৰাব পৰা নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ ।

নামৰূপত আছুৰ 24 ঘণ্টীয়া অনশন

ABOUT THE AUTHOR

...view details