অসম

assam

ETV Bharat / state

AASU Protest in Moran : বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী - মৰাণ ৰাজ্যিক চিকিৎসালয়

বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী ৷ মৰাণ নগৰৰ অবৈধ পাৰ্কিং কৰ বন্ধ কৰাৰ লগতে মৰাণ ৰাজ্যিক চিকিৎসালয়ত শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী ৷

AASU Holds Protest in Moran Demanding Development
আছুৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Aug 19, 2023, 5:25 PM IST

মৰাণ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছুৰ বিক্ষোভ

মৰাণ, 19 আগষ্ট :উজনি অসমৰ এখন আগশাৰীৰ বাণিজ্যিক নগৰ মৰাণত ইটোৰ পাছত সিটোকৈ বিভিন্ন সমস্যাই জুমুৰি ধৰিছে ৰাইজক ৷ যান-জঁটৰ সমস্যাৰ পৰা নগৰ উন্নয়ন আদি অনেক সমস্যা ক্ৰমাৎ বৃদ্ধি পোৱাত চিন্তিত মৰাণৰ দল-সংগঠনৰ লগতে সচেতন ৰাইজ ৷ মৰাণ নগৰৰ ডিব্ৰুগড় জিলাৰ অংশত শেহতীয়াকৈ ডিব্ৰুগড় জিলা পৰিষদৰ দ্বাৰা নিবিদাৰ জৰিয়তে পাৰ্কিং কৰ সংগ্ৰহ কৰাৰ প্ৰতিবাদত শনিবাৰে আছুৰ মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ নগৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এই কাৰ্যসূচীত আছুৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম যুৱ পৰিষদকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি, মৰাণ নাগৰিক সমাজ আদিয়ে অংশগ্ৰহণ কৰি অবৈধ পাৰ্কিং কৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে ৷ উল্লেখ্য যে মৰাণ নগৰৰ মাজেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংৰক্ষিত ভূমিত জিলা পৰিষদে কৰ সংগ্ৰহ কৰা কাৰ্যৰ আছুৱে বিৰোধিতা কৰাৰ লগতে যোৱা 14 আগষ্টত এই সন্দৰ্ভত এক ৰাইজমেল অনুষ্ঠিত কৰিছিল ৷

লগতে পঢ়ক :Poison in drinking water: জোনাইৰ দঞি পলো ইণ্টাৰপ্ৰাইছে খোৱাপানীৰ নামত বৰবিহ বিক্ৰী কৰাৰ অভিযোগ

এই ৰাইজমেলৰ জৰিয়তে পাৰ্কিং কৰ বন্ধ কৰিবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনক চৰমপত্ৰৰ জৰিয়তে সময়সীমা বান্ধি দিছিল ৷ ইয়াৰ পাছতো ডিব্ৰুগড় জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শনিবাৰে ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ৷ তদুপৰি মৰাণ ৰাজ্যিক চিকিৎসালয়ত শীঘ্ৰেই পৰ্যাপ্ত চিকিৎসক নিযুক্তি দিয়া, বিভিন্ন যান-বাহনৰ আস্থান নিৰ্দিষ্ট স্থানলৈ স্থানান্তৰিত কৰাৰ দাবী জনাইছে আছুৱে ৷ আছুৰ এই দাবী সমূহ পূৰণ নকৰিলে গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক :Controversy over land lease of Amguri Bhawan; আমগুৰিৰ উন্নয়নমূলক কাম-কাজত একাংশ লোকে বাধাৰ সৃষ্টি কৰি আহিছে : প্ৰদীপ হাজৰিকা

ABOUT THE AUTHOR

...view details