মৰাণ, 5 অক্টোবৰ :শিক্ষক অবিহনেই কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিত চলি আছে শিক্ষানুষ্ঠান ৷ ৰাজ্যৰ শিক্ষা খণ্ডৰ বিকাশৰ কথা সততে কৈ থকা হয় যদিও চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক-কৰ্মচাৰীৰ অভাৱৰ বাবেই এতিয়া ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে মাহমৰাবাসী ৰাইজে ৷
উপায়ন্ত হৈ মাহমৰা আঞ্চলিক ছাত্ৰ সন্থা কাষ চাপিছে জিলা উপায়ুক্তৰ ৷ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিত শিক্ষাখণ্ডৰ এনে দুৰৱস্থাৰ বাবে সোমবাৰে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে চৰাইদেউ জিলা উপায়ুক্তক । স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি, মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক এলেকাৰ মাহমৰা ৰাজহ চক্ৰৰ অধীনৰ গড় চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোতৰ জন শিক্ষক আৰু তিনি জন কৰ্মচাৰী, ডিপ্লীং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচজন শিক্ষক আৰু এজন কৰ্মচাৰী, দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন কৰ্মচাৰীৰ পদ খালী হৈ আছে ৷
আনকি মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত দুজন শিক্ষক আৰু এজন কৰ্মচাৰী, শ্বহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ত চাৰিজন শিক্ষক আৰু এজন কৰ্মচাৰীৰ পদো বৰ্তমান কৰ্মচাৰী অবিহনেই পৰি আছে ৷