মৰাণ, 18 নবেম্বৰ :উত্তৰ-পূব ভাৰতৰ অন্যতম সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনখনি এইবাৰ ডিব্ৰুগড়ৰ নাহৰকটীয়া ৰাঙলীপথাৰত অনুষ্ঠিত হ'ব । ৪,৫ আৰু ৬ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত আৰু বৃহত্তৰ নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই অধিৱেশন ভাগিকলৈ এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে সংঘৰ ভকত বৈষ্ণৱৰ মাজত ।
অহা ২১ নৱেম্বৰত সংঘৰ প্ৰদাধিকাৰ কমলাকান্ত গগৈয়ে অধিৱেশন খনিৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰিব । বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন স্থলী পৰিদৰ্শন কৰি প্ৰস্তুতি বুজ ল'লে শংকৰজ্যোতি বৰুৱাই । অনুষ্ঠানটোৰ অগ্ৰগতি সম্পৰ্কত বুজ ল’বলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে আদৰণি সমিতিৰ অস্থায়ী কাৰ্যালয়ত বিষয়ববীয়া সকলক সাক্ষাৎ কৰে ৷