ডিব্ৰুগড়, 10 জুলাই : অসম হৈছে বিভিন্ন জাতি-ধৰ্মৰ লোকে শান্তি-সম্প্ৰীতিৰে বাস কৰা এখন ঠাই । গতিকে কোনেও যাতে নিজৰ ন্যস্ত স্বাৰ্থ তথা ৰাজনৈতিক অভিসন্ধিৰ বাবে কোনোধৰণৰ ধৰ্মীয় অনুভূতিক আঘাত হনা মন্তব্য দি শান্তি-সম্প্ৰীতি তথা ভাতৃত্ববোধৰ পৰিৱেশ বিনষ্ট নকৰে তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায় শংকৰজ্যোতি বৰুৱাই ৷
আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে তিনিচুকীয়াত সংঘটিত হোৱা আলফা আৰু সেনাবাহিনীৰ মাজৰ সংঘৰ্ষৰ(Conflict between ULFA I and security forces) সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ যিসময়ত অসম চৰকাৰ আৰু আলফা(স্বা)ৰ মাজত এক আলোচনাৰ বাট(Peace talk with ULFA I) মুকলি হ'ব বুলি সকলোৱে আশা কৰিছিল তেনে সময়ত সেনা-অসম আৰক্ষী আৰু আলফাৰ মাজত হোৱা সংঘৰ্ষ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে শংকৰজ্যোতি বৰুৱাই । লগতে তেওঁ এই ক্ষেত্ৰত দুয়ো পক্ষকে অস্ত্ৰ ত্যাগ কৰি বুজাবুজিৰ মাজেৰে আলোচনাৰ বাট মুকলি কৰিবলৈ আহ্বান জনায় ।