অসম

assam

কেবক লৈ ললীপপৰ ৰাজনীতি কৰিছে চৰকাৰে: লুৰীণজ্যোতি গগৈ

By

Published : Dec 1, 2019, 8:00 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পূবৰ্ৰ স্থিতিত অটল সদৌ অসম ছাত্ৰ সন্থা ৷ কেবৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলৰ সন্মিলিত প্ৰতিবাদক মষিমূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভাজনৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ ৷

AASU General Secretary Lurinjyoti Gogoi slams central government for involving in divide politics over CAB issue
কেবক লৈ টোপৰ ৰাজনীতি কৰিছে চৰকাৰে: লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়,1 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক চমু সাক্ষাৎকাৰত কেবৰ বিৰুদ্ধে আছুৰ পূৰ্বৰ বিৰোধিতাৰ স্থিতি বাহাল থকাৰ কথা ব্যক্ত কৰে ছাত্ৰ সংগঠনটোৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৷ ইফালে প্ৰত্যাশিত বিধেয়কখনৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰে অসমত বিভাজনৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ কেব বিৰোধী জনগণৰ ঐক্যক মষিমূৰ কৰাৰ ষডযন্ত্ৰৰে চৰকাৰে শেহতীয়াকৈ জনজাতীয় ষষ্ঠ অনুসূচীৰ এলেকা আৰু ইনাৰ লাইন পাৰ্মিত বলবৎ হৈ থকা ৰাজ্যত কেব প্ৰযোজ্য নহয় বুলি কোৱা কথাষাৰ লালী প'পৰ বাহিৰে আন একো নহয় বুলি কটাক্ষ কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷ আনহাতে অসমৰ ছয় জনগোষ্ঠীক কেব বিৰোধী সংগ্ৰামৰ পৰা আঁতৰাই অনাৰ বাবেই জনজাতিকৰণৰ ঘোষণাও এক জাতি বিভাজনৰ ৰাজনীতি বুলি অভিহিত কৰে সম্পাদকগৰাকীয়ে ৷

কেব সন্দৰ্ভত কংগ্ৰেছ-অগপক সমালোচনা আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈৰ


ইফালে কেব সন্দৰ্ভত অগপৰ সুবিধাবাদী স্থিতিক তীব্ৰ সমালোচনা কৰে সম্পাদকগৰাকীয়ে ৷ তেওঁ অসম গণ পৰিষদে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰিলে কেবৰ পৰা শংকাৰ কোনো কাৰণ নাই বুলি কৰা মন্তব্যক ওভতি ধৰি কয় যে এই দফা অসমৰ নাৰ্য্য প্ৰাপ্তি আৰু চৰকাৰে ইয়াক ৰূপায়ণ কৰিবলৈ বাধ্য ৷ ছাত্ৰনেতাগৰাকীয়ে লগতে বিধেয়কখন সন্দৰ্ভত কংগ্ৰেছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভিন্ন স্থিতি গ্ৰহণ কৰাৰ বাবে কটু সমালোচনা কৰে ৷

কেবক লৈ চৰকাৰৰ বিৰুদ্ধে বিভাজনৰ ৰাজনীতিৰ অভিযোগ আছুৰ

ইতিমধ্যে নতুন দিল্লীত আছাম হাউছত মিজোৰাম আৰু ত্ৰিপুৰাৰ দল সংগঠন আৰু চৰকাৰৰ সৈতে আনুষ্ঠানিক আলোচনা হোৱা লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰাক্তন তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীসকল, নেছ, অসম সাহিত্য সভা, অসম গণ পৰিষদ,এ আই ইউ ডি এফ, ৰাভা-তিৱা-ঠেংগাল-ডিমাছা, কাৰ্বি-মিচিং আদি জনগোষ্ঠীৰ প্ৰতিনিধি সৈতে মিলিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । সদৌ অসম ছাত্ৰ সন্থাই এই আমন্ত্ৰণ পৃথকে 3 ডিচেম্বৰত লাভ কৰিছে বুলি সংবাদ মাধ্যমক অৱগত কৰে সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ কেবৰ জৰিয়তে অসমৰ ভাষা,সংস্কৃতি আৰু পৰিচয়ৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পৰা পৰিৱেশ কেতিয়াও আছুৱে মানি নলয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে হ'বলগীয়া বৈঠকত সজোৰে নিজৰ স্থিতি স্পষ্ট কৰিব বুলি উল্লেখ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে, চৰকাৰে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণক কেবৰ সৈতে এক বাৰ্গেইনিং এজেণ্ডা কৰিবলৈ বিচাৰিলে তাক কোনো কাৰণতে মানি লোৱা নহ'ব ৷

3 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনাত বহিব আছু

আৰু পঢ়ক লণ্ডন বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আইছিছৰ

ABOUT THE AUTHOR

...view details