মৰাণ, 21 জুলাইঃ 2020 বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ খোৱাং অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰী সকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই ৷ কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিত সংগঠনটোৱে ৰাজহুৱা অনুষ্ঠানৰ আয়োজন নকৰি ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপনৰ কাৰ্যসূচী হাতত লয় ৷ শনিবাৰৰ পৰাই আৰম্ভ কৰা হৈছে এই সম্বৰ্ধনা কাৰ্যসূচী ৷
খোৱাঙত কৃতী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে গৈ অভিনন্দন আছুৰ আছুৰ ফালৰ পৰা সম্বৰ্ধনা হিচাপে ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰে সম্বৰ্ধনা পত্ৰ,গামোচা,অভিধানৰ লগতে একোটাকৈ গছপুলি ৷ খোৱাং শেনচোৱা পুখুৰী, শিলপুটা,হালধিবাৰী,নাহৰনি,আদিকে ধৰি কেইবাখনো গাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ প্ৰদান কৰে সম্বৰ্ধনা ৷
খোৱাঙত কৃতী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে গৈ অভিনন্দন আছুৰ খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লোৱা এই কাৰ্যসূচীত আছু ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁৱৰ,খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংকুৰ শইকীয়া,উপসভাপতি অংকিত গগৈ সাধাৰণ সম্পাদক ৰূপম ডেকা বৰুৱাৰ লগতে খোৱাং আছুৰ সকলো সদস্যই অংশগ্ৰহণ কৰিছে ৷ খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ এনে কাৰ্যক সকলোৱে আদৰণি জনোৱাৰ লগতে ধন্যবাদ জনায় ৷
খোৱাঙত কৃতী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে গৈ অভিনন্দন আছুৰ উল্লেখ্য যে,কৰ’ণা মহামাৰীৰ প্ৰেক্ষাপটত মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে ৷ তাৰ মাজতেই ঘোষণা কৰা হৈছে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ৷ সেয়ে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ে নামভৰ্তিৰ ব্যৱস্থা কৰিছে যদিও কেতিয়াৰ পৰা নতুনকৈ পাঠ্যক্ৰম আৰম্ভ কৰিব পাৰিব তাৰ কোনো নিশ্চয়তা নায় ৷
লগতে পঢ়কঃবানৰ শেহতীয়া খবৰঃ এইপৰ্যন্ত মৃত্য়ু 85, ক্ষতিগ্ৰস্ত 24,48,128 গৰাকী