অসম

assam

ETV Bharat / state

বনবিভাগ আৰু দুস্কৃতিকাৰীৰ মিতিৰালি আছেঃ শংকৰজ্যোতি বৰুৱা - বনজ সম্পদ লুণ্ঠনৰ প্ৰকৃত ছবি

জয়পুৰ বৰ্ষাৰণ্যত উপস্থিত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সঁজাতি দল ৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ বৰ্ষাৰণ্যত উপস্থিত হৈ অভয়াৰণ্যখন পৰিভ্ৰমণ কৰাৰ লগতে দলটোৱে স্বচক্ষে প্ৰত্যক্ষ কৰে বনাঞ্চলখনৰ ভিতৰচৰাত চলা বনজ সম্পদ লুণ্ঠনৰ প্ৰকৃত ছবিখন ৷

AASU dibrugarh district Committee visit rainforest
বনজ সম্পদৰ ধ্বংসযজ্ঞ

By

Published : Jul 30, 2020, 6:46 PM IST

ডিব্ৰুগড়,30 জুলাইঃবন বিভাগৰ সোপাঢিলা নীতিৰ বাবেই অস্তিত্বৰ সংকটত ভুগিছে জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য ৷ ডিৰক আপাৰ দিহিং আৰু জয়পুৰ বনাঞ্চলক সামৰি অৱস্থিত ১১১.১৯ বৰ্গকিলোমিটাৰ জোৰা দিহিং পাটকাই অভয়াৰণ্যখনৰ ডিব্ৰুগড় বন সংমণ্ডলৰ অন্তৰ্গত জয়পুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰায় দুই তিনি কিলোমিটাৰ নিলগতে চোৰাং কাঠৰ ব্যৱসায়ীয়ে এমূৰৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ মূল্যৱান গছ ৷

বনজ সম্পদৰ ধ্বংসযজ্ঞ

উল্লেখ্য যে,প্ৰায় ৬০ বিধৰো অধিক মূল্যৱান গছৰ লগতে বৰ্তমানলৈকে চিনাক্ত হোৱা ১০৬ বিধ অৰ্কিডৰ দুস্প্ৰাপ্য অৰ্কিডৰে ভৰপূৰ অভয়াৰণ্যখনৰ ভিতৰ চৰাত বন মাফিয়াই চলোৱা এনে ধ্বংস যজ্ঞই চৰম ভাবুকি কঢ়িয়াইছে বৰ্ষাৰণ্যখনৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে,বৰ্ষাৰণ্যৰ চাৰিটা স্তৰত অৱস্থিত গছ-গছনিবোৰৰ আটাইতকৈ ওপৰৰ স্তৰত অৰ্থাৎ ইমাৰজেন্ট তৰপত প্ৰায় ২০০ ফুট উচ্চতালৈকে হোৱা ৪০-৫০ বছৰ বা তাতোকৈ পুৰণি মূল্যৱান চিৰসেউজীয়া গছবোৰকে এতিয়া কাটি তহিলং কৰিছে বন মাফিয়াই ৷ দীৰ্ঘদিন ধৰি অভয়াৰণ্যখনত চলি থকা বনজ সম্পদৰ এনে লুণ্ঠনৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ বুধবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ বৰ্ষাৰণ্যত উপস্থিত হৈ অভয়াৰণ্যখন পৰিভ্ৰমণ কৰাৰ লগতে দলটোৱে স্বচক্ষে প্ৰত্যক্ষ কৰে বনাঞ্চলখনৰ ভিতৰচৰাত চলা বনজ সম্পদ লুণ্ঠনৰ প্ৰকৃত ছবিখন ৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত,সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে সঁজাতি দলটোত অংশলোৱা নামৰূপ,নাহৰকটীয়া,জয়পুৰ আৰু টিংখং আঞ্চলিকৰ বিষয়ববীয়াই জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কঠালগুৰি আৰু শুকানজুৰি বিটৰ বহুকেইটা অঞ্চল পৰিভ্ৰমণৰ লগতে বৰ্ষাৰণ্যখনৰ বহুকেইটা অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীয়ে কাটি তহিলং কৰা হোলোং,মেকাই টিটাচপাৰ দৰে প্ৰকাণ্ড আকৃতিৰ মূল্যৱান গছবোৰৰ অৱশিষ্ট আৰু মূঢ়াবোৰ দেখি এই কথা প্ৰকাশ কৰাৰ লগতে তিনিচুকীয়া টিৰাপ সংযোগী মূল পথটোৰ নিচেই কাষতে বন মাফিয়াই চলোৱা এনে ধ্বংসলীলাৰ আঁৰত বনবিভাগ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে দলটোৱে ৷ ইফালে দুস্কৃতিকাৰী আৰু বনবিভাগে মিলি বনাঞ্চলখনৰ মূল্যৱান বনজ সম্পদ সমূহ লুটিপুটি খোৱাৰো অভিযোগ উত্থাপিত কৰিছে সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷
তেওঁ লগতে অভয়াৰণ্যখনৰ বনজ সম্পদৰ এনে লুণ্ঠনৰ বিৰুদ্ধে তদন্ত কৰি দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে বৰ্ষাৰণ্যখনৰ আন্তঃগাঁঠনি উন্নয়নৰ দিশটোত গুৰুত্ব প্ৰদান কৰি বৰ্ষাৰণ্যখনক সুৰক্ষিত কৰিবলৈ দাবী জনায় চৰকাৰ-প্ৰশাসনক ৷
লগতে পঢ়কঃ কৰ'ণা ত্ৰাসৰ মাজত কেনেদেৰে চলিছে ঈদ-উজ-জোহাৰ প্ৰস্তুতি?

ABOUT THE AUTHOR

...view details