ডিব্ৰুগড়,6 মাৰ্চঃঅখিল গগৈৰ লগতে কা আন্দোলনত গ্ৰেপ্তাৰ হোৱা প্ৰতিজন লোকৰ পক্ষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থা ৷ চৰকাৰক অতি শীঘ্ৰে প্ৰতিজন বন্দীৰ মুক্তিৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান আছুৰ ৷ আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ স্পষ্ট অভিযোগ, কা আন্দোলনত জড়িত হৈ থকা বহু লোকক মনে সজা গোচৰ জাপি দি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ প্ৰকৃতাৰ্থত সংগ্ৰামখন স্থবিৰ কৰিবৰ কাৰণে,সংগ্ৰামখনক বিপথে পৰিচালিত কৰি জনতাক এটা বিভীষিকাময় পৰিৱেশৰ মাজলৈ লৈ যাবৰ কাৰণে এই কাৰ্যপন্থা হাতত লৈছে চৰকাৰে, এই অভিযোগ ৰাজ্যৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটোৰ ৷
কা আন্দোলনত গ্ৰেপ্তাৰ লোকসকলৰ মুক্তিৰ দাবী আছুৰ - কা আন্দোলনত গ্ৰেপ্তাৰ লোকসকলক মুক্তিৰ দাবী আছুৰ
অখিল গগৈৰ লগতে কা আন্দোলনত গ্ৰেপ্তাৰ হোৱা প্ৰতিজন লোকৰ পক্ষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থা ৷ চৰকাৰক অতি শীঘ্ৰে প্ৰতিজন বন্দীৰ মুক্তিৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান আছুৰ ৷

কা আন্দোলনত গ্ৰেপ্তাৰ লোকসকলক মুক্তিৰ দাবী আছুৰ