মৰাণ, 13 মাৰ্চ:ঐতিসাহিক চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান সাপেখাতী মহাবিদ্যাল়ৰ 2020-2021 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন শুকুৰবাৰে অনুষ্ঠিত হয় । উক্ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা আছু আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দ্বাৰা প্ৰক্ষেপিত বহু কেইগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা কৰিছিল যদিও আছুৰ দ্বাৰা প্ৰক্ষেপিত সভাপতি, সাধাৰণ সম্পাদকৰ উপৰিও 10 জন প্ৰাৰ্থীয়ে বিভিন্ন বিভাগত বিপুল ভোটত জয় লাভ কৰে ৷
জানিব পৰা মতে, সভাপতিৰ পদত প্ৰতিদ্বন্দীতা আগবঢ়োৱা বিক্ৰম শব্দকাৰে কিৰণ বুঢ়াগোহাঁইক পাঁচটা ভোটৰ ব্যৱধানত জয়লাভ কৰে ৷ সাধাৰণ সম্পাদকৰ পদত তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা আবঢ়াইছিল যদিও ভাস্কৰৰ বৰাই দুয়োজন প্ৰাৰ্থীতকৈ প্ৰায় 80 টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ৷