তিনিচুকীয়া/মৰাণ, 26 ডিচেম্বৰ : ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হোৱা মাৰপিটৰ ঘটনাত ডিব্ৰুগড় আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যক প্ৰহাৰ কৰাৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে আছু কৰ্মীসকলে (police arrested aasu members centered a clash emerging during college election) ৷ আৰক্ষীৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সংগঠনৰ সদস্যসকলে ৷
ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই ঘটনাৰ গৰিহণা দি ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবেই ডিব্ৰুগড় আৰক্ষীয়ে খাকী পোছাকত কালিমা সনা বুলি অভিযোগ উত্থাপন কৰে ৷
উল্লেখযোগ্য যে, ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচন (Election at Dibru College) কেন্দ্ৰিক এখন কাজিয়াত মাৰপিটৰ ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতেই আৰক্ষীয়ে আছু সদস্যসকলৰ ওপৰত আক্ৰমণ চলাইছিল বুলি সংগঠনটোৰ শীৰ্ষ নেতৃত্বই অভিযোগ তোলে ৷
আৰক্ষীয়ে প্ৰথমে আছু নেতাক আটক কৰি 24 ঘণ্টা নৌহওতেই এৰি দিয়ে ৷ পৰৱৰ্তী সময়ত পুনৰ আৰক্ষীয়ে শ্বহীদ ভৱনত অতৰ্কিতে প্ৰৱেশ কৰি নিৰীহ আছু কর্মীসকলক শাৰিৰীকভাৱে প্ৰহাৰ কৰে ৷ আৰক্ষীয়ে কেৱল ইয়াতে ক্ষান্ত নাথাকি আছু কৰ্মীসকলে ব্যৱহাৰ কৰা বাহনসমূহ জব্দ কৰি থানালৈ নিয়ে ৷